NORTHEAST NOW (Assamese)

নগাঁৱৰ পুৰণিগুদামত জাপানীজ এনকেফেলাইটিছত মৃত্যু এগৰাকী মহিলাৰ

August 8, 2019 3:53 pm · ভাৰ্গব হাজৰিকা
ফটো : নৰ্থ-ইষ্ট নাও

ৰাজ্যত এতিয়া বিভীষিকাৰ ৰূপ লৈছে জাপানীজ এনকেফেলাইটিছে। ইয়াৰ সমান্তৰালভাৱে নগাঁৱৰ পুৰণিগুদামত জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ বৃহস্পতিবাৰে পুৱা মৃত্যু হৈছে এগৰাকী মহিলাৰ।

বিগত প্ৰায় দুমাহ ধৰি পুৰণিগুদাম হাতীগাৱঁৰ ননী শৰ্মা নামৰ ৬২ উৰ্ধ্বৰ মহিলাগৰাকী বিশেষ ৰোগত আক্ৰান্ত হৈ প্ৰথমে গুৱাহাটীৰ দিচপুৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল যদিও শেহতীয়াকৈ চিকিৎসকে মহিলাগৰাকী জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈছিল বুলি জানিবলৈ দিছিল।

পৰৱৰ্তী সময়ত মহিলাগৰাকীক দিচপুৰ হস্পিতালৰ লগতে নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰাই চিকিৎসা চলাই থকা হৈছিল যদিও বৃহস্পতিবাৰে পুৱা মৃত্যুৰ ওচৰত হাৰ মানিব লগীয়া হয় মহিলাগৰাকীয়ে।

ইফালে এই ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি পুৰণিগুদামৰ হাতীগাঁৱত নগাঁও জিলাৰ স্বাস্থ্য বিভাগে এই ৰোগে যাতে মহামাৰীৰ ৰূপ ধাৰণ কৰিব নোৱাৰে তাৰ বাবে যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিছে বুলি সংবাদ মাধ্যমৰ আগত সদৰি কৰে একাংশ স্থানীয় ৰাইজে।

Related News