NORTHEAST NOW (Assamese)
অসম

তেতেলীয়াত পথ দুৰ্ঘটনাত মৃত্যু এগৰাকী মহিলাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 30, 2019 7:57 am
bus accident

পথ সুৰক্ষাক লৈ  প্ৰশাসনে সজাগতা অভিযান চলালেও হ্ৰাস হোৱা নাই ৰাজ্যত পথ দুৰ্ঘটনাৰ সংখ্যা। দুৰ্ঘটনাৰ সংখ্যা হ্ৰাস হোৱাৰ বিপৰীতে প্ৰতিদিনে বৃদ্ধি পাবলৈ হে ধৰিছে।

সোমবাৰে গুৱাহাটী মহানগৰীৰ জালুকবাৰীৰ সমীপৰ তেতেলীয়াত সংঘটিত হোৱা এটা শোকাৱহ পথ দুৰ্ঘটনাত প্ৰতিভা দেৱী নামৰ এগৰাকী মহিলাৰ মৃত্যু হয়।

ঘটনাৰ বিবৰণী অনুসৰি,  মহিলাগৰাকীয়ে তেতেলীয়াত ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হবলৈ চেষ্টা কৰাৰ সময়তে বৰাগাঁৱৰ ফালৰ পৰা জালুকবাৰী অভিমুখে আহি থকা এচ-০১-এইচ চি-৬৭০১ নম্বৰৰ এখন দ্ৰুতবেগী ভ’লভো বাচে মহিলাগৰাকীক মহতিয়াই লৈ যায়।

দুৰ্ঘটনাটোত গৰুতৰভাবে আহত হয় মহিলা গৰাকী। স্থানীয় ৰাইজে সংকটজনক অৱস্থাত তেওঁক ওচৰৰ এক্সেল কেয়াৰ হাস্পাতালত ভৰ্তি কৰে যদিও প্ৰাথমিক চিকিৎসাৰ অন্তত চিকিৎসকে মহিলা গৰাকীক মৃত্য বুলি ঘোষণা কৰে।

আনহাতে, দুৰ্ঘটনা সংঘটিত কৰা বাহনখন জালুকবাৰী আৰক্ষীয়ে জব্দ কৰিছে। স্থানীয় ৰাইজে মৃত মহিলাগৰাকীৰ পৰিয়ালক আৰ্থিক সাহায্য প্ৰদান কৰাৰ বাবে প্ৰশাসনক দাবী জনাইছে।