NORTHEAST NOW (Assamese)

আন্তৰ্জাতিক ফুটবলত ভাৰতক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ চামগুৰিৰ গ্ৰাম্যাঞ্চলৰ যুৱক অম্লানজ্যোতিৰ

February 23, 2021 7:48 am · ভার্গব হাজৰিকা
অম্লানজ্যোতি জি ম'মিন। ফটো: নৰ্থইষ্ট নাও।

হিমচেঁচা শীতৰ পুৱাতে অম্লানৰ শৰীৰৰ উত্তাপত উদিত সূৰুযৰ কিৰণেও যেন উজাৰিছে ৰাঙলী আভা! কাৰণ অতি একাগ্ৰতাৰে অম্লানে কৰিছে পুৱা-আবেলি কঠোৰ পৰিশ্ৰম!

সমৰ্পণ, একাগ্ৰতা, পৰিশ্ৰম আৰু অধ্যৱসায়ৰে ৰাষ্ট্ৰীয় ক্ৰীড়াত নাম উজলাবলৈ সক্ষম হৈছে অসমৰ গ্ৰাম্যাঞ্চলৰ একাংশ দৰিদ্ৰ পৰিয়ালৰ যুৱকে।

নগাঁও জিলাৰ অম্লানজ্যোতি জি ম’মিনো তেনে এজন যুৱকেই। চামগুৰি থানাৰ অন্তৰ্গত কঠালগুৰি-চাৰমুং গাঁৱৰ এটি আৰ্থিকভাৱে পাছপৰা পৰিয়ালৰ যুৱকজনে বৃহত্তৰ অঞ্চলটোলৈ কঢ়িয়াই আনিছে এক সু-খবৰ তথা গৌৰৱৰ বতৰা।

শেহতীয়াকৈ আগন্তুক ৪মাৰ্চৰ পৰা চুবুৰীয়া দেশ নেপালত অনুষ্ঠিত হ’ব লগীয়া ইণ্ডো-নেপাল গেমছ- ২০২১ৰ ফুটবল প্ৰতিযোগিতাত ভাৰতৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিবৰ বাবে বাচনি পাইছে অম্লানজ্যোতিয়ে।

পৰিয়ালৰ সৈতে অম্লানজ্যোতি। ফটো:নৰ্থইষ্ট নাও।

কঠালগুৰি চাৰিআলিত পিতৃ-মাতৃয়ে দিয়া কেৱল মাত্ৰ এখন চাহৰ দোকানৰ জৰিয়তে চাৰি গৰাকী ভগ্নী সহ কোনোমতে পোহপাল দিয়া পৰিয়ালটোৰ এজন যুৱক হৈও নিজৰ সক্ষমতা আৰু সুনিপুণতাৰ বাবে ফুটবলৰ দৰে খেলত ভাৰতক প্ৰতিনিধিত্ব কৰিবৰ বাবে অম্লানজ্যোতিয়ে বাচনি পোৱাৰ খবৰ লাভ কৰি এতিয়া অত্যন্ত সুখী সমগ্ৰ চামগুৰিবাসী।

পাহাৰীয়া বাটেৰে নামি আহি সমীপৰে লুংচুং স্থিত খেলপথাৰত নিতৌ কাহিলি পুৱা আৰু আবেলি কঠোৰ অনুশীলন কৰি বৰ্তমান নিজকে প্ৰস্তুত কৰি তোলাৰ অপ্ৰাণ চেষ্টা কৰিছে অম্লানজ্যোতিয়ে।

পিতৃ-মাতৃৰ বাহিৰেও মূখ্য প্ৰশিক্ষক নগাঁৱৰ গনেশ ডেকা আৰু সৰ্বতোপ্ৰকাৰে সহায়-সহযোগ আগবঢ়াই অহা স্থানীয় প্ৰশিক্ষক মণি কুমাৰ শ্ৰেষ্ঠাক নিজৰ সফলতাৰ বাবে কৰ্তৃত্ব প্ৰদান কৰে অম্লানজ্যোতি জি ম’মিনে।

 

চাপানালা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ সম্প্ৰতি পুৰণিগুদাম ড৹ বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ত অধ্যয়নৰত উদীয়মান ফুটবল খেলুৱৈ অম্লানে সপ্তম শ্ৰেণীৰ পৰাই ফুটবল খেলৰ প্ৰতি আকৰ্ষিত হৈছিল যদিও পিতৃ-মাতৃৰ চৰম কষ্ট-ত্যাগৰ বিনিময়ত বিগত প্ৰায় তিনি বছৰ ধৰিহে ফুটবলৰ উপযুক্ত প্ৰশিক্ষণ ল’বলৈ সক্ষম হৈছিল বুলি জানিবলৈ দিয়ে সংবাদ মাধ্যমক।

কিন্তু ইয়াৰ মাজতো নিজ পিতৃ-মাতৃ আৰু চাৰি ভগ্নীৰ সৈতে অন্তৰঙ্গ সময় অতিবাহিত কৰিবলৈও নাপাহৰে অম্লানজ্যোতিয়ে।

নিজৰ দক্ষতাৰ বাবে গ্ৰাম্যাঞ্চলৰ পৰা গৈও আন্তৰ্জাতিক ক্ৰীড়া ক্ষেত্ৰত অংশ গ্ৰহণ কৰি অসম তথা বৃহত্তৰ অঞ্চলটোৰ গৌৰৱ কঢ়িয়াই আনিবলৈ চেষ্টা চলোৱা অম্লানজ্যোতিক নৰ্থইষ্ট নাওৰ ফালৰ পৰাও অলেখ অভিনন্দন!

Related News