NORTHEAST NOW (Assamese)
অসম

ডিব্ৰুগড়ত বাটত পৰি থকা অৱস্থাত উদ্ধাৰ যুৱক-যুৱতী, যুৱতীৰ মৃত্যু, সংকটজন অৱস্থাত যুৱক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 10, 2023 3:55 pm

দেওবাৰে ডিব্ৰুগড়ৰ বকুল বাইপাছত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। 

ডিব্ৰুগড়ৰ বকুল বাইপাছত এগৰাকী যুৱতী আৰু এজন যুৱকক ৰহস্যজনকভাৱে পথত পৰি থকা অৱস্থাত উদ্ধাৰ হৈছে । 

জানিব পৰা মতে,  ইতিমধ্যে যুৱতীগৰাকীৰ মৃত্যু হৈছে আৰু সংকটজনক অৱস্থাত থকা যুৱকজনক অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে।

এইদৰে পথত পৰি থকা অৱস্থাত উদ্ধাৰ হোৱা যুৱকজন ডিব্ৰুগড়ৰ মাইজানৰ আজিজ আহমেদ আৰু যুৱতীগৰাকী মেহেক বুলি চিনাক্ত কৰা হৈছে। 

মৃত যুৱতীগৰাকীৰ ঘৰ খলিহামাৰিত। 

সূত্ৰই জনোৱা মতে,  যুৱক-যুৱতীহালি পৰি থকা ঠাইখিনিত এএছ০৬ এএইস১১৪৩ নম্বৰৰ এখন ইন’ভা বাহন উদ্ধাৰ হৈছে।