NORTHEAST NOW (Assamese)
Popular Stories

সমাপ্তি : আনুষ্ঠানিকভাবে ভাৰতে ব্ৰাজিললৈ আগবঢ়াই দিলে জি-২০ৰ সভাপতিত্ব

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 10, 2023 2:03 pm

দেওবাৰে জি-২০ সন্মিলনৰ অন্তিম দিনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনুষ্ঠানিকভাৱে জি-২০ৰ সভাপতিত্ব ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুইজ ইনাচিও লুলা দা চিলভাক অৰ্পণ কৰে।

জি-২০ সন্মিলনৰ সামৰণি অনুষ্ঠানৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে ব্ৰাজিলৰ ৰাষ্ট্ৰপতিৰ হাতত দায়িত্বভাৰ অৰ্পণ কৰে।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুলা দা চিলভাক অভিনন্দন জনাই সভাপতিত্বৰ ‘গেভেল’ তেওঁক অৰ্পণ কৰিবলৈ বিচাৰিছোঁ।

কিন্তু মন কৰিবলগীয়া যে ২০২৩ চনৰ নৱেম্বৰ মাহলৈকে ভাৰত জি২০ৰ সভাপতিত্বৰ দায়িত্বত থাকিব ভাৰত। আজি দিনটোত আনুষ্ঠানিকভাবে প্ৰতীক হিচাপে ব্ৰাজিলৰ হাতত জি২০ ৰ সভাপতিত্বৰ দায়িত্ব অৰ্পণ কৰা হয় যদিও চলিত বৰ্ষৰ ডিচেম্বৰৰ পৰাহে ব্ৰাজিলে এই দায়িত্ব লাভ কৰিব।

উল্লেখ্য যে, অহা ডিচেম্বৰ মাহত জি২০ৰ এখন ভাৰ্চুৱেল সভা আয়োজন কৰিব নৰেন্দ্ৰ মোদীয়ে। গতিকে সকলো সদস্য ৰাষ্ট্ৰক এই সভাত উপস্থিত থাকিবলৈ অনুৰোধ জনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।