NORTHEAST NOW (Assamese)
দেশ

ধিক্! শিক্ষকৰ পাত্ৰৰ পৰা পানী খোৱাৰ বাবেই ’নিম্ন জাতি’ৰ ছাত্ৰক প্ৰহাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 10, 2023 12:51 pm
Dalit student beaten up

জাত-পাতৰ ঘৃণনীয় বৈষম্যৰ পৰা এতিয়াও মুক্ত হোৱা নাই দেশ। জাতিগত বৈষম্যৰ নানা লজ্জাজনক কাণ্ডই প্ৰায়ে দখল কৰি আহিছে সংবাদ শিৰোনাম। শেহতীয়াকৈ পোহৰলৈ অহা এনে এক ঘটনাই পুনৰ বিতৰ্কৰ সৃষ্টি কৰিছে।

শিক্ষকৰ বাবে থকা পানীৰ পাত্ৰৰ পৰা পানী খাই শিক্ষকৰ নিৰ্যাতনৰ সন্মুখীন হৈছে এগৰাকী দলিত ছাত্ৰ। ৰাজস্থানৰ ভাৰতপুৰত সংঘটিত হৈছে এই ঘটনা। যোৱা ৮ ছেপ্টেম্বৰত এই ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।

প্ৰকাশিত খবৰ অনুসৰি, শিক্ষকৰ প্ৰহাৰৰ সন্মুখীন হোৱা ছাত্ৰগৰাকী সপ্তম শ্ৰেণীত অধ্যয়নৰত। বিদ্যালয় চৌহদত টেংকিত পানী নথকাৰ বাবে ছাত্ৰগৰাকীয়ে শিক্ষকৰ পাত্ৰটোৰ পৰা পানী খাইছিল।

ইয়াতে খৰ্গহস্ত হৈ এগৰাকী শিক্ষকে আন ছাত্ৰ-ছাত্ৰীৰ সন্মুখতে শাৰীৰিক প্ৰহাৰ কৰে ছাত্ৰগৰাকীক। শিক্ষকৰ এই নিৰ্যাতনত ছাত্ৰগৰাকীৰ পিঠিত ঘাঁ হোৱা বুলিও অভিযোগ কৰিছে তেওঁৰ অভিভাৱকে।

ভুক্তভোগী ছাত্ৰগৰাকীৰ ভাষ্য মতে, তেওঁ পাত্ৰটোৰ পৰা পানী খোৱাৰ পিছতে অভিযুক্ত গংগৰাম গুৰজাৰ নামৰ শিক্ষকগৰাকীয়ে সকলো ছাত্ৰ-ছাত্ৰীৰ জাতিগত পৰিচয় সোধে আৰু ছাত্ৰগৰাকীয়ে দলিত বুলি নিজৰ জাতিৰ পৰিচয় দিয়াৰ পিছতে তেওঁক প্ৰহাৰ কৰে।

এই ঘটনাৰ কথা জানিব পাৰি ছাত্ৰগৰাকীৰ পৰিয়ালৰ লোকে বিদ্যালয়ত উপস্থিত হৈ গংগাৰাম গুৰজাৰ নামৰ শিক্ষকজনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।

এনে গুৰুতৰ জাতি-বৈষম্যৰ অভিযোগত স্থানীয় আৰক্ষী থানাত শিক্ষকজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে পৰিয়ালে। এই এজাহাৰৰ ভিত্তিত ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।