NORTHEAST NOW (Assamese)
অসম

সুখবৰ: ভাৰত-নিউজিলেণ্ডৰ T20 মেছত অসমৰ কামাখ্যা শইকীয়াক পৰ্যবেক্ষক নিযুক্তি BCCI ৰ

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী November 17, 2021 8:12 pm

আন্তঃৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ প্ৰতিভাৱান খেলুৱৈয়ে দেশ তথা ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই অনাৰ সময়তে আহিছে আন এক সুখবৰ।

ভাৰত আৰু নিউজিলেণ্ডৰ মাজত ১৭ নৱেম্বৰৰ পৰা অনুষ্ঠিত হোৱা T20 মেছত অসমৰ কামাখ্যা শইকীয়াক পৰ্যবেক্ষক নিযুক্তি দিছে BCCI-এ।

এই মেছ ১৭ নৱেম্বৰৰ লগতে ১৯ আৰু ২১ নৱেম্বৰতো অনুষ্ঠিত হ’ব। দুয়োটা দলে ২৫-২৯ নৱেম্বৰৰ লগতে ৩-৭ নৱেম্বৰত দুখনকৈ টেষ্ট মেছো খেলিব।

ভাৰত-নিউজিলেণ্ডৰ আন্তঃৰাষ্ট্ৰীয় মেছৰ পৰ্যবেক্ষক হিচাবে BCCI-এ নিযুক্তি দিয়া কামাখ্য শইকীয়া অসম ক্ৰিকেট এছোচিয়েছনৰ যুটীয়া সাধাৰণ সম্পাদক।

উল্লেখ্য ভাৰত-নিউজিলেণ্ডৰ মাজত দ্বিতীয় খন T20 মেছ ১৯ নৱেম্বৰত ৰাঁছিত অনুষ্ঠিত হ’ব।

এই মেছ খনত শইকীয়া পৰ্যবেক্ষক ৰূপে থাকিব।কামাখ্যা শইকীয়াক ভাৰত-নিউজিলেণ্ডৰ মাজৰ ১৯ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া আন্তঃৰাষ্ট্ৰীয় মেছৰ পৰ্যবেক্ষক হিচাবে নিযুক্তি দিয়াত আনন্দ প্ৰকাশ কৰি টুইট কৰিছে অসম ক্ৰিকেট এছোচিয়েছনে।

Emerging Team Asia Cup ৰো পৰ্যবেক্ষক হিচাবে কামাখ্যা শইকীয়াক BCCI-এ নিযুক্তি দিছে।

BCCI ৰ সাধাৰণ সম্পাদক জয় শ্বাহে প্ৰকাশ কৰা মতে ৰোহিত শৰ্মা, ঋষভ পণ্ট,জছপ্ৰীত বুমৰাহ, মহম্মদ ছামি আদি খেলুৱৈয়ে জিৰণি লৈছে যদিও ভাৰত-নিউজিলেণ্ডৰ দ্বিতীয় খন মেছত বিৰাট কোহলীয়ে ভাৰতীয় দলটোক নেতৃত্ব দি যাব।

ভাৰত-নিউজিলেণ্ডৰ মাজত প্ৰথম খন টেষ্ট মেছ কানপুৰত আৰু দ্বিতীয় খন মেছ মুম্বাইত খেলোৱা হ’ব।