NORTHEAST NOW (Assamese)

কোৰাণক অপমান কৰাৰ বাবে ছুইডেনত এজন যুৱকক হত্যা

January 30, 2025 7:52 pm · এন ই নাও নিউজ, গুৱাহাটী

ছুইডেনত পবিত্ৰ কোৰআনক অপমান কৰা যুৱক ছালৱান মমিকাক গুলীয়াই হত্যা কৰা হয়। কালি বুধবাৰে সংঘটিত হৈছে এই ঘটনা। ছুইডেনৰ ৰাজধানী ষ্টকহমৰ এখন আদালতে তেওঁৰ বিৰুদ্ধে বৃহস্পতিবাৰে (৩০ জানুৱাৰী) ৰায়দান কৰাৰ কথা আছিল। অৱশ্যে তাৰ পূৰ্বেই তেঁওক গুলীয়াই হত্যা কৰা হয়।

ছুইডেনৰ সংবাদ মাধ্যমৰ উদ্ধৃতি দি ৰয়টাৰ সংবাদ সংস্থাই প্ৰকাশ কৰা অনুসৰি কোৰআনক অপমান কৰা মমিকাক গুলীয়াই হত্যা কৰাৰ সময়ত টিকটকত লাইভ আছিল। ৰয়টাৰৰ এজন সাংবাদিকে কয় যে তেওঁ ভিডিঅটোত দেখিছিল যে আৰক্ষীয়ে আহি টিকটকৰ লাইভ সম্প্ৰচাৰ বন্ধ কৰি দিছে। অৰ্থাৎ গুলীবিদ্ধ হোৱাৰ পিছতো মমিকা টিকটকত লাইভ আছিল।

স্থানীয় সংবাদ মাধ্যম এছভিটিয়ে প্ৰকাশ কৰা অনুসৰি ষ্টকহমৰ ওচৰৰ ছডাৰটালজে চহৰৰ এটা ঘৰত ৩৮ বছৰীয়া মমিকাক গুলীয়াই হত্যা কৰা হৈছে। ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত ৫জন লোকক আটক কৰিছে আৰক্ষীয়ে

উল্লেখ্য যে, ২০২৩ চনৰ পবিত্ৰ আজাহ ঈদত তেওঁ মছজিদৰ সন্মুখত কোৰআন জ্বলাইছিল। তাৰ পিছত ছুইডেন আৰু ডেনমাৰ্কত কিছুমান দুষ্কৃতিকাৰীয়ে অধিক কোৰআন জ্বলাই দিলে। এই সন্দৰ্ভত বিশ্বজুৰি ব্যাপক উত্তেজনা। বিশেষকৈ মুছলমান দেশসমূহে তেওঁলোকক আনুষ্ঠানিকভাৱে গৰিহণা দিয়ে। তদুপৰি কিছু ঠাইত সংঘৰ্ষৰ সৃষ্টি হয়। ইয়াৰ পিছতো মমিকা আৰু তেওঁৰ কিছু সহযোগীয়ে কোৰআন জ্বলাই থাকিল। ইয়াৰ ফলত উত্তেজনা আৰু বৃদ্ধি পায়।

৩৮ বছৰীয়া ইৰাকীগৰাকীয়ে ২০২৩ চনত বিশ্বজুৰি কুখ্যাতি লাভ কৰিছিল। সেই বছৰ তেওঁ কোৰআনক একাধিকবাৰ অপমান কৰিছিল।

ছুইডেন চৰকাৰে বাক স্বাধীনতাৰ অজুহাতত মমিকাৰ এই কাৰ্যক সমৰ্থন কৰিছিল। আনকি কোৰআন জ্বলোৱাৰ সময়তো আৰক্ষীয়ে তেওঁক নিৰাপত্তাৰ ব্যৱস্থা কৰিছিল। কিন্তু ইয়াক লৈ উত্তেজনা বৃদ্ধি পোৱাৰ লগে লগে দেশৰ চৰকাৰক সকীয়াই দিয়া হল যে যদিহে মমিকাৰ কাৰ্যকলাপ অব্যাহত থাকে তেন্তে ইছলামিকসকলে ছুইডেনত আক্ৰমণ চলাব পাৰে। প্ৰতিবাদ আৰু সমালোচনাৰ সন্মুখীন হৈ ছুইডেন চৰকাৰে মমিকাৰ আৱাস অনুমতি বাতিল কৰে। অৱশ্যে তেওঁলোকে তেওঁক নিজৰ দেশ ইৰাকলৈ ঘূৰাই পঠোৱাৰ কোনো ব্যৱস্থা নকৰিলে।

Related News