NORTHEAST NOW (Assamese)
অসম

গোলাঘাটৰ কমাৰবন্ধাত চাঞ্চল্যকৰ হত্যাকাণ্ড : দেৱৰেকে হত্যা কৰিলে বৌৱেকক

Posted by: মীনাক্ষী ফুকন Updated by: মীনাক্ষী ফুকন April 8, 2021 1:35 pm
IMG-20210408-WA0004

বুধবাৰে নিশা গোলাঘাট কমাৰবন্ধাত সংঘটিত হয় এক চাঞ্চল্যকৰ হত্যাকাণ্ড।

নিজ দেৱৰেকে দাৰে ঘপিয়াই হত্যা কৰে বৌৱেকক।

গোলাঘাটৰ কমাৰবন্ধাৰ বাম গোহাইগাঁৱৰ নিৱাসী ২৪ বছৰীয়া দীপেন কৰ্মকাৰ (জগু) নামৰ যুৱকজনে দাৰে ঘপিয়াই হত্যা কৰে বৌৱেক পুতলী কৰ্মকাৰক।

হত্যাকাণ্ডটো পাৰিবাৰিক কণ্ডলৰ বাবে সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।

সম্প্ৰতি অভিযুক্ত দীপেন (জগু) কৰ্মকাৰ গোলাঘাট আৰক্ষীৰ জিম্মাত আছে।

মৃত পুতলী কৰ্মকাৰৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে আৰক্ষীয়ে।

উল্লেখ্য যে, পুতলী কৰ্মকাৰ হত্যা কৰা পূৰ্বে পুতলী কৰ্মকাৰ স্বামী দুৰ্লভ কৰ্মকাৰকো আক্ৰমণৰ চেষ্টা কৰিছিল অভিযুক্তই।

জানিব পৰা মতে অভিযুক্ত জগু কৰ্মকাৰ তথা পৰিয়াল অবৈধ চুলাই ব্যৱসায় লগত জড়িত আছিল।