NORTHEAST NOW (Assamese)
অসম

পুনৰ মহানগৰীত অঘটন; ব্ৰহ্মপুত্ৰৰ কোবাল সোঁতত উটি গ’ল এজন যুৱক

Posted by: কল্পজোতি শইকীয়া, গুৱাহাটী Updated by: কল্পজোতি শইকীয়া, গুৱাহাটী July 17, 2022 7:29 pm
পুনৰ মহানগৰীত অঘটন; ব্ৰহ্মপুত্ৰৰ কোবাল সোঁতত উটি গ’ল এজন যুৱক

পুনৰ মহানগৰীত ঘটিল এক অঘটন। ব্ৰহ্মপুত্ৰৰ কোবাল সোঁতে উটুৱাই নিলে এজন যুৱকক।

উজান বজাৰ ঘাটত গা ধুব গৈ উটি গ’ল এজন যুৱক।

বন্ধুৰ সৈতে গা ধুবলৈ আহিছিল যুৱকজন।

দেওবাৰৰ দিনটোত ৫ জনীয়া যুৱকৰ এটা দল আহিছিল গা ধুবলৈ।

কোৱাল সোঁতে উটুৱাই নিয়া ধীৰাজ ডেকা নামৰ যুৱকজনৰ বাসগৃহ মহানগৰীৰ  শিলপুখুৰীত।

স্থানীয় লোকে NDRF ক খবৰ দিয়াৰ পাছতো ঘটনাস্থলীত পলমকৈ উপস্থিত হোৱাৰ অভিযোগ স্থানীয় লোকৰ।

বৰ্তমানো উদ্ধাৰ অভিযান চলি আছে যদিও উদ্ধাৰ হোৱা নাই যুৱকজন।