NORTHEAST NOW (Assamese)

চাৰিদিন ধৰি সন্ধানহীন নোৱাগাঁৱৰ যুৱক : সন্ধান উলিওৱাত ব্যৰ্থ আৰক্ষী

November 29, 2018 12:38 pm · ইয়াছিন আলী
ফটো : নৰ্থ-ইষ্ট নাও

যোৱা চাৰি দিন ধৰি বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত উত্তৰ নোৱাগাঁৱৰ ছায়েদ আলীৰ পুত্ৰ হাকিমুদ্দিন নামৰ যুৱকজন নিৰুদ্দেশ হৈ থকা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। এইদৰে হঠাৎ যুৱকজন নিৰুদ্দেশ হোৱাত এতিয়া পৰিয়ালৰ লোকৰ মাজত এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে।

জানিব পৰা মতে যুৱকজনে যোৱা সোমবাৰে এখন চাৰিচকীয়া বাহন ক্ৰয় কৰাৰ উদ্দেশ্যেৰে ৰাতিপুৱা ৯ বজাত ৰঙিয়া অভিমুখে ৰাওনা হয়। আৰু ইয়াৰ পিছৰে পৰা যুৱকজনৰ লগত পৰিয়ালৰ লোকৰ সম্পৰ্ক বিচ্ছিন্ন হয়।

আজি চাৰিদিন ধৰি যুৱকজনৰ মোবাইল বন্ধ থকাৰ লগতে কোনো সন্ধান নোপোৱাত পৰিয়ালৰ লোকে বিভিন্ন ঠাইত অনুসন্ধান আৰম্ভ কৰে যদিও এতিয়ালৈকে সন্ধান উলিওৱাত ব্যৰ্থ হয়।

ইফালে ঘটনা সংক্ৰান্তত পৰিয়ালৰ লোকে মাণিকপুৰ থানাত এজাহাৰ দাখিল কৰিছে। এজাহাৰৰ ভিত্তিত মাণিকপুৰ আৰক্ষীয়ে যুৱকজনৰ সন্ধানত অভিযান আৰম্ভ কৰা বুলি জানিবলৈ দিয়ে।

আনহাতে যদি কোনোবাই যুৱকজনৰ সন্ধান পায় তেন্তে নিকটৱৰ্তী আৰক্ষী চকীৰ লগত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে।

Related News