NORTHEAST NOW (Assamese)

হতাশা আৰু নিচাযুক্ত দ্ৰৱ্য প্ৰতিৰোধ সজাগতাৰ অভিযান : ধুবুৰীৰ পৰা শদিয়ালৈ পদযাত্ৰা এক যুৱকৰ

December 31, 2020 8:56 am · পাৰ্শ্বজ্যোতি গগৈ

যুৱ প্ৰজন্মক হতাশা আৰু নিচাযুক্ত দ্ৰব্য প্ৰতিৰোধৰ সজাগতা সৃষ্টিৰ বাবে পাঠশালাৰ যুৱক খনিন ৰয়ৰ ৯০০ কিলোমিটাৰ পদযাত্ৰা।

ব্ৰেইন এণ্ড ফিগাৰ নামৰ সংস্থাটোৰ উদ্যোগত ধুবুৰীৰ পৰা শদিয়ালৈ ‘দীৰ্ঘতম পদযাত্ৰা- ৯০০ কিলোমিটাৰ’ শীৰ্ষক এক কাৰ্যসূচী গ্ৰহণ কৰিছে খনিন ৰয়ে।

ধুবুৰীৰ ছাগলীয়াৰ পৰা ৭ ডিচেম্বৰত এককভাৱে যাত্ৰা আৰম্ভ কৰা খনিন ৰয় মংগলবাবে ৰাতি শিৱসাগৰত উপস্থিত হয়। নিশাটো শিৱসাগৰত কটায় আজি পুৱা শিৱসাগৰৰ নপুখুৰী পাৰৰ পৰা ডিব্ৰুগড় অভিমুখে যাত্ৰা কৰে।

যুৱ প্ৰজন্মৰ লগতে সমাজৰ বিভিন্ন স্তৰৰ মানুহ বিভিন্ন সময়ত হতাশাত ভোগে আৰু যাৰ বাবে আত্মহত্যাৰ দৰে ঘটনা সংঘটিত হয়। এনে ঘটনা ৰোধ কৰা আৰু মানুহক নিচাযুক্ত দ্ৰব্য সেৱনৰ পৰা মুক্ত কৰাৰ বাবে হতাশা আৰু নিচা যুক্ত দ্ৰব্য প্ৰতিৰোধী অভিযান চলোৱা বুলি মন্তব্য কৰে খনিন ৰয়ে।

উল্লেখ্য যে ইয়াৰ পূৰ্বেও ব্ৰেইন এণ্ড ফিগাৰ নামৰ সংস্থাটোৱে হতাশা আৰু নিচাযুক্ত দ্ৰব্য প্ৰতিৰোধ আৰু সজাগতাৰ বাবে চাইক্লিং, সাঁতোৰ, যোগা আদিকে ধৰি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰিছে।

Related News