NORTHEAST NOW (Assamese)

‘আধাৰ প্ৰাথমিক পৰিচয় পত্ৰ নহয়’- নাগৰিকত্ব সংশোধনী বিতৰ্ক সন্দৰ্ভত UIDAI-ৰ বিষয়াৰ মন্তব্য

July 9, 2025 4:37 pm ·

বিহাৰত ভোটাৰ তালিকা পুনৰীক্ষণ সন্দৰ্ভত নিৰ্বাচন আয়োগৰ গাইডলাইনক লৈ বিতৰ্ক অব্যাহত আছে। নাগৰিকত্বৰ প্ৰমাণ হিচাপে ভোটাৰ কাৰ্ড আৰু আধাৰ কাৰ্ড বাদ দিয়াক লৈ বিৰোধী ৰাজনৈতিক দলসমূহে প্ৰশ্ন উত্থাপন কৰিছে। এই প্ৰসংগত ভাৰতীয় ইউনিক আইডেন্টিফিকেশন অথৰিটিৰ চিইঅ’ ভুৱনেশ কুমাৰে নাগৰিকত্ব প্ৰমাণ কৰাৰ বাবে “আধাৰ কেতিয়াও প্ৰাথমিক পৰিচয় পত্ৰ নহয়” বুলি উল্লেখ কৰে।

ভাৰতীয় নাগৰিকৰ বাবে ‘আধাৰ’ সৃষ্টি কৰে ইউআইডিএআইয়ে। সৰ্বভাৰতীয় সংবাদ মাধ্যমক দিয়া এক সাক্ষাৎকাৰত সংগঠনটোৰ মুৰব্বীগৰাকীয়ে দাবী কৰে যে ইউআইডিএআই কৰ্তৃপক্ষই ভুৱা ‘আধাৰ কাৰ্ড পৰীক্ষাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁ লগতে উল্লেখ কৰে যে আধাৰ কাৰ্ডসমূহ QR কডৰ জৰিয়তে সুৰক্ষিত কৰা হয়। ভুৱনেশে কয় যে ফটোশ্বপ ব্যৱহাৰ কৰি আধাৰ কাৰ্ড জাল কৰাৰ ঘটনা পোহৰলৈ আহিছে। লগতে তেওঁ কয় যে কেইদিনমানৰ পিছত আধাৰ এপটো সাজু হব। তেওঁ কয়, “‘ডেমো ৰাণ ইতিমধ্যে সফল হৈছে…. এই এপটোৱে আধাৰ নম্বৰধাৰীৰ সন্মতি সাপেক্ষে পৰিচয় পত্ৰখন ডিজিটেলভাৱে সংৰক্ষণ কৰিব। ফলত সকলো ক্ষেত্ৰতে আধাৰ কাৰ্ডৰ ‘হাৰ্ড কপিৰ প্ৰয়োজন নহব। নিৰ্বাচন আয়োগৰ গাইডলাইনক লৈ সৃষ্টি হোৱা বিতৰ্কক লৈ ভুৱনেশৰ চমু মন্তব্যত কোৱা হৈছে যে আধাৰ কেতিয়াও নাগৰিকৰ “প্ৰাথমিক পৰিচয় পত্ৰ” নহয়।

উল্লেখ্য যে, বছৰৰ শেষত বিহাৰৰ ভোট। ইয়াৰ পূৰ্বে আয়োগে সেই ৰাজ্যৰ ভোটাৰ তালিকা সংশোধনৰ বাবে নিৰ্দেশনা জাৰি কৰিছিল। কোৱা হৈছে যে যিসকলৰ নাম ভোটাৰ তালিকাত আছে তেওঁলোকে নাগৰিকত্বৰ প্ৰমাণ দিব লাগিব। আধাৰ কাৰ্ড বা ৰেচন কাৰ্ড বৈধ নথি হিচাপে গ্ৰহণ কৰা নহ’ব। বয়সৰ প্ৰমাণ পত্ৰ, বৰ্ড এডমিট কাৰ্ডৰ দৰে নথি-পত্ৰহে গ্ৰহণযোগ্য। আয়োগে যুক্তি দিছে যে এই গাইডলাইন সমগ্ৰ দেশতে আধাৰ জালিয়াতিৰ বাবেই হৈছে। আয়োগৰ পৰা এই নিৰ্দেশনাৰ বাবে বহু যোগ্য ভোটাৰৰ নাম বাদ পৰিব পাৰে বুলি ৰাজনৈতিক দলসমূহে আশংকা কৰিছে।

আনহাতে, আধাৰ আৰু ভোটাৰ কাৰ্ড সম্পৰ্কে পুৰণি প্ৰশ্নটো ৰৈ গৈছে যে যদি আধাৰ বা ভোটাৰ কাৰ্ড প্ৰাথমিক পৰিচয় পত্ৰ নহয়, তেন্তে ভাৰতীয় নাগৰিকত্বৰ প্ৰমাণ কি? সেইখন জন্মৰ প্ৰমাণ পত্ৰ নেকি? তেনে ক্ষেত্ৰত ভোটাৰৰ বাবে ভোটাৰ কাৰ্ড কেনেকৈ গ্ৰহণ কৰা হয়, যিটো নাগৰিকৰ অন্যতম অধিকাৰ? তদুপৰি ৰাজ্যই (ৰেচন ব্যৱস্থা) প্ৰদান কৰা খাদ্য সামগ্ৰী লাভ কৰিবলৈ ৰেচন কাৰ্ডখন আধাৰ কাৰ্ডৰ সৈতে সংযোগ কৰিব লাগিব। যদি আধাৰ প্ৰাথমিক পৰিচয় নথি নহয়, তেন্তে ইয়াৰ আঁৰৰ যুক্তি কি? যদি আধাৰ আৰু ভোটাৰ আইডি কোনো নাগৰিকৰ প্ৰাথমিক পৰিচয়ৰ অংশ নহয়, তেন্তে ভোটাৰ কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক কৰাৰ প্ৰয়োজন কি? বিশেষজ্ঞসকলে কয় যে কেন্দ্ৰৰ বিজেপি চৰকাৰে এই বিভ্ৰান্তি এতিয়ালৈকে পৰিষ্কাৰ কৰিব পৰা নাই। সাধাৰণ মানুহক মাজৰ পৰা হাৰাশাস্তি কৰা হৈছে।

Related News