NORTHEAST NOW (Assamese)

আম আদমী পাৰ্টিৰ উদ্যোগত সুধাকণ্ঠৰ ৯৮ সংখ্যক জন্মজয়ন্তী

September 7, 2024 3:26 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী

সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ ৯৮ সংখ্যক জন্মদিন উপলক্ষে গণেশগুৰিস্থিত আম আদমী পাৰ্টিৰ ৰাজ্যিক কাৰ্যালয়ত কাইলৈ অৰ্থাৎ ৮ ছেপ্তেম্বৰ দেওবাৰে অনুষ্ঠিত হ’ব “মোৰ গীতৰ হেজাৰ শ্ৰোতা” শীৰ্ষক এক বৰ্ণাঢ্য অনুষ্ঠান।

পুৱা ১০ বজাৰ পৰা আবেলি ২ বজালৈ আপৰ ৰাজ্যিক কাৰ্যালয়ৰ সভাকক্ষত এই কাৰ্যসূচী ৰূপায়ন কৰা হ’ব। কাৰ্যসূচীত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰিব ৰাজ্যৰ এগৰাকী জনপ্ৰিয় চলচ্চিত্ৰ অভিনেতা যতীন্দ্ৰ নাথ খনিকৰে।

সুধাকণ্ঠলৈ শ্ৰদ্ধাঞ্জলি জনাই গীত পৰিবেশন কৰিব কণ্ঠশিল্পী মৌচুমী বৰাৰ লগতে তৰুণ প্ৰজন্মৰ আন কেইবাগৰাকী শিল্পীয়ে।

বিশ্ববিশ্ৰুত শিল্পী, সুধাকণ্ঠ ভূপেন হাজৰিকাৰ ৯৮ সংখ্যক জন্মদিন উপলক্ষে এই কাৰ্যসূচী সৰ্বতোপ্ৰকাৰে সফল কৰি তুলিবলৈ আম আদমী পাৰ্টিৰ হকে দলৰ কৰ্মকৰ্তা তথা অনুষ্ঠানটোৰ আহ্বায়ক বিমলা দেৱী আৰু মঞ্জু ডেকা হুছেইনে আহ্বান জনাইছে।

Related News