NORTHEAST NOW (Assamese)

কাক দোষ দিব? ন’টাতকৈ কম ভোট লাভ কৰি জিলা সভাপতিক অপসাৰণ আম আদমী পাৰ্টিৰ

November 24, 2024 5:55 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী
Updated: November 24, 2024 5:21 pm

দলবিৰোধী কাৰ্যকলাপত লিপ্ত থকাৰ অভিযোগত আম আদমী পাৰ্টিৰ বিশ্বনাথ জিলা সমিতিৰ সভাপতি মেহুৱেল বসুমতাৰীক দায়িত্বৰ পৰা অপসাৰণ কৰা হৈছে।

আপৰ অভিযোগ অনুসৰি বিগত উপ নিৰ্বাচনত মেহুৱেল বসুমতাৰীয়ে বিহালী বিধান সভা সমষ্টিৰ আপৰ  মনোনীত প্ৰাৰ্থী অনন্ত গগৈৰ নিৰ্বাচনী প্ৰচাৰত কোনো ধৰণৰ সহযোগিতা কৰা নাছিল।

দলৰ ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰে এই সন্দৰ্ভত তেওঁক কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছিল। কিন্তু বসুমতাৰীয়ে ৰাজ্যিক সভাপতিৰ নিৰ্দেশকো অগ্ৰাহ্য কৰিছিল। অৱশেষত সভাপতি মনোজ ধানোৱাৰৰ পৰামৰ্শ মৰ্মে আপৰ ৰাজ্যিক সাধাৰণ সম্পাদক (সাংগঠনিক) ৰাজীৱ শইকীয়া স্বাক্ষৰিত নিৰ্দেশনা অনুসৰি মেহুৱেল বসুমতাৰীক জিলা সভাপতি পদৰ পৰা অপসাৰণ কৰা হয়।

আনহাতে বিহালী সমষ্টিৰ আম আদমী পাৰ্টিৰ পৰাজিত প্ৰাৰ্থী তথা পূৰ্বে আপৰ বিশ্বনাথ জিলাৰ উপ সভাপতি পদত কাৰ্যনিৰ্বাহ কৰা অনন্ত গগৈক তৎকালীনভাৱে ভাৰপ্ৰাপ্ত সভাপতি হিচাপে দায়িত্ব অৰ্পণ কৰা হয়।

উল্লেখ্য যে হৈ যোৱা উপনিৰ্বাচনত বিহালী সমষ্টিত আম আদমী পাৰ্টিয়ে অনন্ত গগৈক প্ৰাৰ্থী হিচাপে মনোনীত কৰিছিল। কিন্তু ন’টাতকৈও কম ভোট লাভ কৰিছিল অনন্ত গগৈয়ে। ন’টাই ১৫১৪ টা ভোট লাভ কৰাৰ বিপৰীতে অনন্ত গগৈয়ে লাভ কৰিছিল ১২১৭টা ভোট।

Related News