NORTHEAST NOW (Assamese)

প্ৰাক্তন পত্নীৰ প্ৰতি জাগি উঠিল প্ৰেম, কন্যাৰ বিয়াত প্ৰাক্তন স্ত্ৰীক চুমাৰে উপচালে আমিৰ খানে

January 4, 2024 3:30 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী
Updated: January 4, 2024 2:47 pm

ইটোৰ পিছত সিটোকৈ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে বলীউডৰ তাৰকা আমিৰ খানৰ কন্যা ইৰা খানৰ কন্যাৰ বিয়াৰ ভিডিঅ’। ইয়াৰে এটা ভিডিঅ’ফ এতিয়া তোলপাৰ লগাইছে সামাজিক মাধ্যমত।

যোৱা ৩ জানুৱাৰীত বিবাহপাশত আৱদ্ধ হৈছিল আমিৰ খানৰ কন্যা ইৰা খান। দৰা আছিল শাৰীৰ চৰ্চা  প্ৰশিক্ষক নুপূৰ শিখাৰে। সাধাৰণ পৰিয়ালৰ দৰে ঘৰুৱাভাবেই অনুষ্ঠিত কৰা হৈছিল বিয়াখন। বিয়াত উপস্থিত নাছিল কোনো চেলিব্ৰেটি। 

অতি সহজ ৰূপত সাজ-পোছাক পিন্ধা দেখা গৈছিল কইনা ইৰাক। ৰাতিপুৱাৰ পৰা কন্যাৰ বিয়াত অতি ব্যস্ত আছিল আমিৰ খান। 

ইৰাৰ বিয়াত উপস্থিত আছিল আমিৰ খানৰ দুয়োগৰাকী প্ৰাক্তন পত্নী ৰীণা দত্ত আৰু কিৰণ ৰাও। প্ৰথম পত্নীৰ সন্মুখতে আমিৰ খানে কৰি পেলালে এটা কাণ্ড। প্ৰথম পত্নী ৰীণা দত্তৰ উপস্থিতিত দ্বিতীয় পত্নীক কেমেৰাৰ সমুখতে চুমাৰে উপচাই পেলালে আমিৰ খানে। 

 

View this post on Instagram

 

A post shared by Viral Bhayani (@viralbhayani)

সামাজিক মাধ্যমত এই দৃশ্য ভাইৰেল হৈ পৰাৰ পিছতে এতিয়া সামাজিক মাধ্যমত প্ৰচাৰ হৈছে বিভিন্ন ধৰণৰ  মিম। 

বহুতে হৈছে বিবাহ বিচ্ছেদে সঁচাকৈয়ে প্ৰেম নোহোৱা কৰি পেলাব নোৱাৰে। আমিৰ খানে সঁচাকৈয়ে সেই কথা প্ৰমাণ কৰিলে।

Related News