NORTHEAST NOW (Assamese)

ক’ৰ’নাত আক্ৰান্ত হৈছে নেকি মিষ্টাৰ পাৰ্ফেক্টচনিষ্ট!: আমিৰ খানৰ আৱাসত কোভিড১৯!!

June 30, 2020 3:07 pm · এন ই নাও নিউজ

বলিউদৰ মিষ্টাৰ পাৰ্ফেক্টচনিষ্ট আমিৰ খানৰ চ’ছিয়েল মিডিয়াত শ্বেয়াৰ কৰা এটা পোষ্টে আতংকৰ সৃষ্টি কৰিছে বলিউদত।

ইনষ্টাগ্ৰামত বলিউদৰ জনপ্ৰিয় অভিনেতাজনে জনাইছে যে, তেওঁৰ কেবাজনো কৰ্মচাৰী মাৰাত্মক কোভিড১৯ত আক্ৰান্ত হৈছে।

এই খবৰ পোৱাৰ মাত্ৰকে বুম্বাই পৌৰ নিগমে(বিএমচি) তাৎক্ষণিকভাৱে আমিৰ খানৰ বাকী সকলো কৰ্মচাৰীকে কোৱাৰেন্টাইনলৈ প্ৰেৰণ কৰিছে।

আমিৰ খানে প্ৰকাশ কৰিছে যে তেওঁ পত্নী কীৰণ ৰাওৰ শ্বাৱ টেষ্ট কৰা হৈছে আৰু তেওঁৰ ফলাফল নিগেটিভ আহিছে।

আনহাতে অভিনেতাগৰাকীৰ মাতৃৰো স্বাস্থ্য পৰীক্ষা কৰোৱা হ’ব জানিব পৰা গৈছে।

“মাকো পৰীক্ষা কৰা হ’ব। আপোনালোকে প্ৰাৰ্থনা কৰক, মাৰো যাতে সকলোৰে দৰে ৰিজাল্ট নিগেটিভ আহে।” জনপ্ৰিয় অভিনেতাজনে লিখিছে।

আমিৰ খানে বিএমচিৰ তৎপৰতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছে।

অতি ক্ষীপ্ৰতাৰে সকলোবোৰ চম্ভালি লোৱাৰ বিএমচি কৰ্তৃপক্ষৰ দায়িত্ববোধক প্ৰশংসনীয় বুলি অভিহিত কৰিছে প্ৰসিদ্ধ অভিনেতা গৰাকীয়ে।

মুম্বাইৰ কোকিলাবেন হাস্পতালৰ কৰ্তৃপক্ষকো ধন্যবাদ জ্ঞাপন কৰিছে আমিৰ খানে।

Related News