NORTHEAST NOW (Assamese)

প্ৰতীক হাজেলাৰ ‘পাৱাৰ পইণ্ট প্ৰেজেনটেশ্যন’ত সন্তুষ্ট নহয় আমছু

October 29, 2018 10:47 pm · অনিৰ্বাণ পাঠক
এনআৰচিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলা। ফাইল ফটো : নৰ্থইষ্ট নাও

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত নাম অন্তৰ্ভুক্তিৰ বাবে পূৰ্বতে গ্ৰহণযোগ্য ১৫ প্ৰকাৰৰ নথিৰ পাঁচ প্ৰকাৰ বাতিল কৰা সন্দৰ্ভত ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই দিয়া ‘পাৱাৰ পইণ্ট প্ৰেজেনটেশ্যন’ত আশ্বস্ত হ’ব পৰা নাই প্ৰতিপক্ষ আমছু। গতিকে বাতিল কৰা পাঁচ প্ৰকাৰৰ নথি পুনৰ প্ৰৱৰ্তনৰ আবেদন জনাই কাইলৈ উচ্চতম ন্যায়ালয়ত সংগঠনটোৱে প্ৰতিবেদন দাখিল কৰিব।

এই সন্দৰ্ভত আমছুৰ উপদেষ্টা আজিজুৰ ৰহমানে আজি নৰ্থ-ইষ্ট নাওক কয়, ‘প্ৰতীক হাজেলাই নিজৰ ব্যৰ্থতা ঢাকিবলৈ পাঁচ প্ৰকাৰৰ নথি বাতিল কৰিবলৈ যুক্তি প্ৰদৰ্শন কৰিছে। এই পাঁচ প্ৰকাৰৰ নথি আমাক লাগিবই, এই বিষয়ত আমি উচ্চতম ন্যায়ালয়ক জনাম’।

ৰহমানে জনোৱা অনুসৰি এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই পাৱাৰ পইণ্ট প্ৰেজেন্টেশ্যনত কিছু সংখ্যক লোকে ১৯৫১ চনৰ এন আৰ চি আৰু ১৯৭১ চনৰ আগৰ ভোটাৰ তালিকাত নিজৰ পূৰ্বপুৰুষৰ নাম নথকা স্বত্বেও অন্য লোকৰ লিগেচি ডাটা কোড ব্যৱহাৰ কৰি এন আৰ চিত নাম অন্তৰ্ভুক্তিৰ বাবে আবেদন কৰিছে বুলি তথ্য দাঙি ধৰিছে।

কিন্তু ইয়াক প্ৰত্যাহ্বান জনাই ৰহমানে কয় যে যিসকল বিদেশীয়ে ভুৱা নথিৰে ভাৰতীয় নাগৰিক হৈ আছে তেওঁলোকক চিনাক্ত কৰিবলৈহে এন আৰ চি প্ৰস্তুত কৰা হৈছে। ‘গতিকে প্ৰতীক হাজেলাই সেইসকলক চিনাক্ত কৰক’ তদুপৰি ‘কিছু সংখ্যক লোকে অসৎ উপায়েৰে এন আৰ চিত নাম অন্তৰ্ভুক্তিৰ চেষ্টা চলালে বুলিয়েই সকলো লোকেই এইদৰে আনৰ লিগেচি ডাটা কোড ব্যৱহাৰ কৰা বুলি ধৰি লোৱাতো উচিত নহ’ব’- তেওঁ কয়।

এন আৰ চিৰ ৮০ শতাংশ কাম শেষ হৈ যোৱাৰ পিছত এতিয়া যিবিলাক কথা কৈ প্ৰতীক হাজেলাই পক্ৰিয়াটোৰ নিয়ম সলনি কৰিব খোজিছে তাৰ দ্বাৰা তেওঁৰ ব্যৰ্থতা হে প্ৰমাণ হৈছে বুলি ৰহমানে লগতে কয়।

উল্লেখযোগ্য যে, যোৱা ২৩ অক্টোবৰত উচ্চতম ন্যায়ালয়ে এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্রতীক হাজেলাক অসম চৰকাৰৰ বিষয়া তথা অধিবক্তা, কেন্দ্ৰীয় চৰকাৰৰ বিষয়া তথা অধিবক্তা, বিভিন্ন সংগঠনৰ নেতৃত্বক কিয় এই পাঁচটা নথি দাবী-আপত্তি পৰ্যায়ত ব্যৱহাৰ কৰিব নালাগে, সেই সম্পৰ্কে ২৬ অক্টোবৰৰ ভিতৰত বিস্তাৰিতভাৱে জনাবলৈ নিৰ্দেশ দিছিল।

লগতে গোচৰৰ প্ৰতিপক্ষ প্ৰতিটো সংগঠনক প্ৰতীক হাজেলাৰ প্ৰতিবেদন আৰু পাৱাৰ পইণ্ট প্ৰেজেণ্টেইশ্যন চাই ইয়াৰ ওপৰত নিজৰ নিজৰ স্থিতি তথা মত শপতনামা আকাৰে অহা ৩০ অক্টোবৰৰ ভিতৰত উচ্চতম ন্যায়ালয়ত দাখিল কৰিবলৈ আহ্বান জনাইছিল।

এই শপতনামাৰ আধাৰত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ আৰু ন্যায়াধীশ ৰহিন্তন ফলি নৰিমানৰ দ্বাৰা গঠিত খণ্ড বিচাৰপীঠে অহা ১ নৱেম্বৰত পুনৰ শুনানি গ্ৰহণ কৰিব।

Related News