NORTHEAST NOW (Assamese)
অসম

গৰাখহনীয়া সমস্যা সমাধানৰ দাবীত ব্ৰহ্মপুত্ৰৰ পাৰত প্ৰতিবাদ সাৱ্যস্ত আমছুৰ

Posted by: কাজি জেইদুল ইছলাম Updated by: কাজি জেইদুল ইছলাম January 3, 2021 2:18 pm
AAMSU Protest

বিশ্বনাথত আমছুৰ এক বিশাল প্ৰতিবাদী সভা অনুষ্ঠিত হয়। বান আৰু গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধান কৰাৰ দাবীত অনুষ্ঠিত কৰা হৈছে এই প্ৰতিবাদী সভা।

বছৰৰ আৰম্ভণিতে প্ৰতিবাদকাৰীসকলে এইদৰে প্ৰতিবাদত বহা দেখা গৈছে।

কিন্তু এই প্ৰতিবাদ ৰাজপথত অথবা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত নহয়, এই প্ৰতিবাদ বিশ্বনাথৰ ৫নং কুমলীয়াৰ ঝুলাপাৰাত তথা ব্ৰহ্মপুত্ৰৰ নদীৰ কাষত সাৱ্যস্ত কৰা হৈছে।

বিশ্বনাথ ঘাট-পাণপুৰ মহাবাহু ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধানৰ দাবীত আমছুৰ কুমলীয়া আঞ্চলিক সমিতিৰ উদ্যোগত আৰু বিশ্বনাথ জিলা সমিতিৰ সহযোগত কুমলীয়াত প্ৰতিবাদী সভাৰ অনুষ্ঠিত কৰা হয়।

উক্ত সভাত বিশ্বনাথৰ বিভিন্ন দল-সংগঠন‌ৰ শীৰ্ষ নেতৃ বৰ্গই উপস্থিত থাকি সমস্যা সমাধানৰ দাবী জনায়।

প্ৰতিবাদ সাৱ্যস্ত কৰাৰ পাছত বিশ্বনাথ জিলা উপায়ুক্ত মহোদয়ৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু অসমৰ জল-সম্পদ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তক ৬ দফীয়া দাবীৰে এখন স্মাৰক পত্ৰ প্ৰদান কৰা হয়।