NORTHEAST NOW (Assamese)
অসম

আজিৰ পৰা আৰম্ভ হ’ব কলাগুৰু সংগীত মহোৎসৱ

Posted by: চাজিদ খান Updated by: চাজিদ খান January 31, 2020 10:46 am
82959094_2972464112816609_8632188213970075648_n

আজিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে ওদালগুৰি জিলাৰ টংলা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত বৰ্ণাঢ্য কৰ্যসূচীৰে অনুষ্ঠিত হ’ব কলাগুৰু সংগীত মহোৎসৱ।

কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনৰ উদ্যোগত আৰু জুবিন গাৰ্গ ফ্ৰেইণ্ডচ ক্লাব তথা টংলাবাসী ৰাইজৰ সহযোগত আয়োজিত এই উৎসৱৰ শুভাৰম্ভণী তথা নৃত্য শিল্পী প্ৰয়াত হৰি বড়ো সোঁৱৰণি সেঁতুৰ দ্বাৰ উদ্বোধন কৰিব সাহিত্য অকাডেমী বঁটা প্ৰাপ্যক তথা টংলা মহাবিদ্যালয়ৰ প্ৰবক্তা ড° ৰীতা বড়োৱে।

ইয়াৰ পিছতে বিশিষ্ট চলচিত্ৰ কৰ্মী তথা কলাগুৰু ফাউণ্ডেশ্যনৰ সভাপতি ৰাজেশ ভূঞাই পতাকা উত্তোলন কৰিব।

মহোৎসৱৰ লগত সংগতি ৰাখি ৰাভা সংগীতৰ লগতে আধুনিক গীতৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ লগতে জুবিন গাৰ্গৰ দুটা ভিডিঅ’ গীতো উন্মোচন কৰা হ’ব বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, টংলাৰ চমুৱাপাৰাত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ স্থায়ী প্ৰতিমূৰ্তি উন্মোচিত কৰিব পৃথ্বিৰাজ ৰাভা, হেমৰাজ ৰাভা আৰু জুবিন গাৰ্গে।

১ ফেব্ৰুৱাৰীত চাইক্লিং, ৰক্তদান শিবিৰৰ লগতে “বৃহত্তৰ অসমীয়া জাতি গঠনত লোকশিল্প চৰ্চাৰ প্ৰভাৱ আৰু কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ আদৰ্শ” শীৰ্ষক এক অন্তৰংগ আলাপ অনুষ্ঠান অনুষ্ঠিত হ’ব।

অনুষ্ঠানত বিশিষ্ট গল্পকাৰ জয়ন্ত কুমাৰ চক্ৰৱৰ্তী, সাংস্কৃতিক সংগঠক তৰুণ আজাদ ডেকা, পৃথ্বীৰাজ ৰাভা, ৰামচন্দ্ৰ ৰাভা, সাংবাদিক গৌতম শৰ্মা, জুবিন গাৰ্গ আদিয়ে যোগদান কৰিব।

এই মহোৎসৱত পাৰস্পৰিকতা আন্তৰিকতা আৰু সুহৃদয়ৰ বিশ্বাস শক্তিশালী কৰাৰ বাবে সকলো জাতি-জনগোষ্ঠীৰ লগতে বিভিন্ন ধৰ্মৰ লোকৰ উপস্থিতিৰ আহ্বান জনাইছে জুবিন গাৰ্গে।

আয়োজক সমিতিৰ সদস্য দিগন্ত ৰাভাই জানিবলৈ দি কয়, ‘কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাক শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যেই প্ৰতিবছৰে জুবিন গাৰ্গ, কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন আৰু জুবিন ফেন ক্লাবৰ উদ্যোগত এই মহোৎসৱখনৰ আয়োজন কৰি অহা হৈছে’।

ভুটান, অৰুণাচল প্ৰদেশ, ত্ৰিপুৰা, ঝাৰখণ্ডৰ লগতে বৰপেটাৰ পৰা আহিবলগীয়া দলে লোকনৃত্যৰ বিশেষ অনুষ্ঠানো পৰিৱেশন কৰিব।

বঁটা প্ৰদান অনুষ্ঠানত ওদালগুৰিৰ বিশিষ্ট চিত্ৰশিল্পী ৰবিৰাম ব্ৰহ্ম আৰু টংলাৰ ব্যাসৰ ওজা গুণীৰাম ৰাভাক ক্ৰমে কলাগুৰু বঁটা-২০২০ আৰু ফনী শৰ্মা বঁটা-২০২০ প্ৰদান কৰা হ’ব।