NORTHEAST NOW (Assamese)

ABVP, শিলাদিত্যৰ পাছতে এন আৰ চিৰ বিৰুদ্ধে ‘গণ আন্দোলন’ৰ হুংকাৰ “আমছু”ৰ

August 24, 2019 5:49 pm · কল্পজ্যোতি শইকীয়া
Updated: August 24, 2019 7:54 pm
দিচপুৰস্থিত কাৰ্য্যালয়ত আমছুৰ সংবাদমেল। ২৪ আগষ্ট, ২০১৯।

অসমীয়া জাতিৰ ত্ৰাণকৰ্তা ওলোৱা অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ আৰু হোজাইৰ বিধায়ক শিলাদিত্যৰ পিছত এইবাৰ এন আৰ চি প্ৰক্ৰিয়াটোৰ বিৰুদ্ধে সৰৱ হ’ল আমছু নামৰ সংখ্যালঘুৰ সংগঠনটো।

আজি দিচপুৰস্থিত ৰাজ্যিক কাৰ্য্যালয়ত এখন সংবাদমেল সম্বোধন কৰি সংগঠনটোৱে এন আৰ চি প্ৰক্ৰিয়াটোৰ বিৰুদ্ধে ‘গণ আন্দোলন’ৰ হুংকাৰ দিয়ে।

“এজন ভাৰতীয়ৰ নামো যদি এন আৰ চিৰ পৰা কৰ্তন যায়, তেন্তে কঠোৰৰ পৰা কঠোৰতম গণ আন্দোলনৰ কাৰ্য্যসূচী ল’বলৈ বাধ্য থাকিম।” সংবাদমেলত হুংকাৰ দি উপদেষ্টা আজিজুৰ ৰহমানে কয়।

অহা ৩১ আগষ্টত উন্নীতকৃত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকা প্ৰকাশ পাব।

উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধানত যোৱা প্ৰায় ছবছৰ এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াটো চলি আছে। “আমাক এন আৰ চি লাগিবই” বুলি ৰাজপথ কঁপোৱা আছুকে ধৰি জাতীয়তাবাদী সংগঠনবোৰৰ দাবী থকা এন আৰ চি গৰিষ্ঠ সংখ্যক অসমীয়াৰো আকাংক্ষাৰ বস্তু।

আনহাতে গোটেই প্ৰক্ৰিয়াটোত ৰাজ্যিক সমন্বয়ক হিচাপে সমস্ত কাৰ্য্যভাৰ লৈ ছবছৰে দেহেকেহে খাটি থকা অনা-অসমীয়া আই এছ বিষয়া প্ৰতীক হাজেলা এতিয়া “ৰাজহুৱা দবা”ত পৰিণত হোৱা দেখা গৈছে।

প্ৰতীক হাজেলাক বিজেপি দল, বিজেপিৰ বিধায়ক, হিন্দুত্ববাদী সংগঠনবোৰে সততে আক্ৰমণৰ লক্ষ্য কৰি লোৱাৰ পিছত আমছুৱেও এন আৰ চি সম্পৰ্কীয় যিকোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ বাবে হাজেলাই দায়ী হ’ব বুলি আজি সকীয়াই দিয়ে।

“বহুদিন আমি ধৈৰ্য্য ধৰি সংযম ৰক্ষা কৰি চলিছো, উচ্চতম ন্যায়ালৰ নিৰ্দেশনা নামানি যদি উদ্দেশ্য প্ৰণোদিতভাৱে বৈধ ভাৰতীয়ৰ নাম কৰ্তন কৰে, কঠোৰৰ পৰা কঠোৰতম গণ আন্দোলনৰ কাৰ্য্যসূচী ল’ম। তাৰ পাছত যদি অপ্ৰীতিকৰ পৰিবেশৰ সৃষ্টি হয়, তাৰ বাবে জগৰীয়া হ’ব প্ৰতীক হাজেলা।” আমছুৰ উপদেষ্টা আজিজুৰ ৰহমানে সংবাদমেলখনত কয়।

এন আৰ চিৰ কাম-কাজ পৰিচালনা কৰাৰ ক্ষেত্ৰত এন আৰ চি কৰ্তৃপক্ষক ‘পূৰ্ণ স্বাধীনতা’ দিয়া হৈছে বুলি দাবী কৰি ৰহমানে কয়, “চৰকাৰৰ হস্তক্ষেপৰ পৰা এন আৰ চি কৰ্তৃপক্ষক মুকলি কৰি দিয়াৰ পাছতো তেওঁলোকৰ কোনো কোনো বিষয়াৰ খাম-খেয়ালিৰ বাবে তথা কৰ্মচাৰীৰ মইমতালিৰ বাবে বা ৰাজনৈতিক শক্তিৰ হেঁচাত শিৰনত কৰি সমগ্ৰ এন আৰ চি প্ৰক্ৰিয়াটো যদি ভুল পথে পৰিচালনা কৰে, তেন্তে আমি হাত সাবটি বহি থকাটো উচিত নহ’ব।”

“আজিৰ তাৰিখতো কি যুক্তিত সংখ্যালঘু লোকক জাননী দি শুনানিৰ বাবে মাতি থকা হৈছে?” -এই প্ৰশ্ন কৰি ৰহমানে কয়, “চূড়ান্ত তালিকা প্ৰকাশ পোৱাৰ আগদিনাও যদি শুনানিৰ বাবে মতা হয়, তেন্তে এন আৰ চিখন কিমানদূৰ শুদ্ধ হ’ব সেয়া সকলোৰে বোধগম্য।”

ৰহমানে অভিযোগ কৰে যে কালি অৰ্থাত ২৩ আগষ্টতো বকো ছয়গাওঁ ইত্যাদি অঞ্চলৰ পৰা ২৪ আগষ্টত শুনানিত উপস্থিত থাকিবলৈ কিছু লোকক জাননী দিয়া হৈছে। এই প্ৰসংগত ৰহমানৰ প্ৰশ্ন- “যদি ইনভেলিড ৰিলেশ্যনশ্বিপেই হয়, তেন্তে তেওঁৰ নাম কেনেকৈ এন আৰ চিৰ খচৰাত অন্তৰ্ভুক্ত হ’ল? যোৱা ২৬ জুনত কৰ্তনৰ তালিকা প্ৰকাশ কৰোতে শুনানিলৈ মতা লোকৰ নাম কৰ্তন কৰা নহ’ল কিয়? এন আৰ চি প্ৰকাশলৈ ৬ দিন থাকোতেহে কেনেকৈ এন আৰ চি কৰ্তৃপক্ষৰ চকু মুকলি হ’ল?”

Related News