NORTHEAST NOW (Assamese)

গণতন্ত্ৰৰ হত্যাকাৰী চৰকাৰে জনতাক পঙ্গু কৰি দেশ লুটাৰ সপোন ৰঁচিছে – আপ

November 10, 2023 8:26 pm · এন ই নাও নিউজ, নতুন দিল্লী
Updated: November 10, 2023 6:31 pm

হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ সাঙ্গোপাঙ্গোই এফালৰ পৰা সংবাদ প্ৰতিষ্ঠান, নিউজ প’ৰ্টেল সমূহ ক্ৰয় কৰি সমগ্ৰ ভাৰততে গাকৰি উঠা বিজেপি বিৰোধী ঢৌক ধাকি ৰাখিবলৈ কৰা আপ্ৰাণ চেষ্টাৰ পিছতো জনবৈৰী বিজেপিৰ কুকৰ্ম সামাজিক মাধ্যম সমূহত প্ৰকাশ হৈ আহিছে৷ যোৱা ৯ এপ্ৰিল ২০২৩ তাৰিখে কেন্দ্ৰীয় চৰকাৰে আই টি আইন সংশোধন কৰে৷ যাৰ পৰিপ্ৰেক্ষিতত চৰকাৰৰ নিৰীক্ষণ গোটে যিকোনো সামাজিক মাধ্যমৰ বিষয়বস্তুক সাম্ভাৱ্য ক্ষতিকাৰক বিষয় বুলি আঁতৰোৱা অথবা নিয়ন্ত্ৰণ কৰাৰ ক্ষমতা লাভ কৰে৷ চৰকাৰ বিৰোধী, বিজেপি বিৰোধী বিষয়বস্তু নিয়ন্ত্ৰণ কৰাৰ ফলত বহু সামাজিক মাধ্যম ব্যৱহাৰ কৰা লোকৰ প’ষ্ট অথবা কন্টেন্টৰ প্ৰসাৰ নুন্যত্বম হৈছে বুলি প্ৰশ্ন উঠিছে৷

আজি এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে আম আদমি পাৰ্টী অসমৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীয়ে কয় যে বিজেপিয়ে সংবিধান প্ৰদত্ত জনগণৰ বাকস্বাধীনতাত কুঠাৰঘাত কৰিছে৷ ২০১৪ চনত নৰেন্দ্ৰ মোউী নেতৃত্বাধীন বিজেপি চৰকাৰ ক্ষমতালৈ অহা প্ৰধান আহিলাই আছিল ছ’চিয়েল মিডিয়া, গতিকে বিজেপিয়ে ভালদৰেই জানে ইয়াৰ শক্তি৷ 

বিভিন্ন সময়ত বিজেপি বিৰোধী সত্য বিষয় প্ৰচাৰ কৰা লোকক আইনী মেৰপাকত ভৰাই জেললৈও প্ৰেৰণ কৰিছে এই চৰকাৰে৷ এটি কবিতা, এষাৰি বাক্য সামাজিক মাধ্যমত লিখাৰ বাবে মাহ মাহ ধৰি কাৰাগাৰত আৱদ্ধ কৰিছে সাধাৰণ জনতাক৷ এতিয়া আকৌ ৰাজহুৱা ধনৰ অপব্যৱহাৰ কৰি SMRT গঠন কৰিছে অসম চৰকাৰে৷

এইয়া যে বিজেপিক পুনৰাই চৰকাৰ গঠন কৰিবলৈ কৰা ষড়যন্ত্ৰ সেইয়া জলজলপটপটকৈ ফুটি  উঠিছে৷ আপ অসমে চৰকাৰৰ এই জনবিৰোধী কৰ্মৰ নিন্দা কৰিছে আৰু গণতন্ত্ৰ হত্যাত হাত উজান নিদিবলৈ সকিয়াই দিছে৷

Related News