NORTHEAST NOW (Assamese)

দেশৰ সংবিধানে নাগৰিকক প্ৰদান কৰা মৌলিক অধিকাৰ খৰ্ব কৰিছে অসম চৰকাৰে: আপ

November 22, 2023 3:13 pm · এন ই নাও নিউজ, গুৱাহাটী

ৰাজ্য চৰকাৰে শেহতীয়াকৈ প্ৰকাশ কৰিছে কৰৰ নতুন তালিকা। সাংস্কৃতিক অনুষ্ঠান, ক্ৰীড়া অনুষ্ঠানৰ পৰা আৰম্ভ কৰি সভা-সমিতিলৈকে কোনো বিষয়েই বাদ পৰা নাই কৰৰ এই হাতোৰাৰ পৰা। চৰকাৰৰ এনে সিদ্ধান্তক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ বিতৰ্কৰ।

এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আম আদমি পাৰ্টিৰ অসম শাখাই। আপৰ অভিযোগ, হাজাৰ হাজাৰ কোটি টকা ঋণ লোৱা হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন দেউলীয়া বিজেপি চৰকাৰখনে সাধাৰণ ৰাইজৰ ওপৰত পুনৰ কৰৰ বোজা জাপি দি মাধমাৰ শোধাবলৈ ওলাইছে।

আজি আয়োজন কৰা এখন সংবাদমেলত আপৰ ৰাজ্যিক উপ সভাপতি জিতুল ডেকাই কয় যে জনসাধাৰণক হতবাক কৰি চৰকাৰখনে ৰাজ্যত নিতৌ কৰ সংগ্ৰহৰ নতুন নতুন ফৰ্মূলা, ‘পেটাৰ্ন’ আৱিষ্কাৰ কৰাত নামি পৰিছে।

ৰাজ্যত এতিয়া গণতন্ত্ৰ নাই, ৰাজতন্ত্ৰ চলিছে বুলি অভিযোগ কৰে আপ নেতাগৰাকীয়ে। “তাহানিৰ ৰজা মহাৰজাই কৰ-কাটল সংগ্ৰহ কৰিবলৈ সৈন্য, চিপাহী-চন্তৰি নমাই দিছিল। সেই একে ফৰ্মূলাৰ এতিয়া অসমত পুনৰাবৃত্তি ঘটিছে।”— তেওঁ লগতে কয়।

শান্তিৰ ৰক্ষক, আইন-শৃংখলাৰ ৰক্ষক আৰক্ষীয়ে এতিয়া দেউলীয়া চৰকাৰৰ বাবে কৰ সংগ্ৰহ কৰিব লাগিব বুলিও মন্তব্য কৰে জিতুল ডেকাই। অসম চৰকাৰৰ নতুন কৰৰ নিৰ্দেশটোৱে দেশৰ সংবিধানৰ ১৯ নং অনুচ্ছেদত ধাৰ্য কৰা নাগৰিকৰ মৌলিক অধিকাৰ খৰ্ব কৰিছে বুলি তেওঁ লগতে কয়।

ডেকাই কয়, “বাণিজ্যিক নিৰ্মাণৰ বাবে আৰক্ষীৰ NOC ৰ প্ৰয়োজন ক’ত? ধাৰ লৈ বিহু নৃত্য, অমৃত কলহ আদি কাৰ্যসূচী ৰূপায়ন কৰা চৰকাৰ খনৰ এনে অৱস্থা হৈছে যে এতিয়া ৰাইজে বিহু, খেল,সাংস্কৃতিক শোভাযাত্ৰা, সভা-সমিতি, প্ৰদৰ্শণী আয়োজন কৰিলেও চৰকাৰক দিব লাগিব কৰ।”

“কৰৰ বোজা জাপি দিয়া উৎপাদন বিমুখ দেউলীয়া চৰকাৰ খনে ইতিমধ্যে ভূমিকৰ, সম্পত্তি কৰ, যান-বাহন কৰ জাপি দি ৰাইজক টেঁটু চেপি ধৰিছে। এতিয়া নতুনকৈ আৰক্ষীৰ দ্বাৰা পুনৰ যি সমূহ শিতানত কৰ সংগ্ৰহ কৰিবলৈ চৰকাৰে সিদ্ধান্ত লৈছে সেয়া চৰম অগণতান্ত্ৰিক আৰু ৰাজতন্ত্ৰৰ বহি:প্ৰকাশ।”— ডেকাই লগতে কয়।

এতিয়া গুৱাহাটীত সৰু-সুৰা ব্যৱসায় কৰি কোনো নিবনুৱা স্বাৱলম্বী হ’ব বিচাৰিলেও ব্যৱসায়ৰ মূলধনৰ সৈতে আৰক্ষীক দিবলৈ পঞ্চাছ হাজাৰ টকা অতিৰিক্ত বোজা ল’ব লাগিব বুলি আঙুলিয়াই দিয়ে ডেকাই।

আপ নেতাগৰাকীয়ে লগতে কয়, আনহাতে এজন নিবনুৱাই ব্যক্তিগত প্ৰতিষ্ঠানত আঠ-দহ হাজাৰ টকাৰ এটা কাম কৰাৰ বাবে ভেৰিফিকেচন কৰিবলৈ আৰক্ষীক দিব লাগিব তিনিশ টকা। তাতোকৈ ডাঙৰ কথা যে এতিয়া গাঁৱে ভুয়ে যুৱকসকলে খেল অনুষ্ঠিত কৰিবলৈও ভৰিব লাগিব দুই হাজাৰ টকা।

মুঠতে এই চৰকাৰৰ দিনত ঘৰৰ পৰা বাহিৰ ওলাই আহিলেই কৰ ভৰিব লাগিব বুলি চৰকাৰক আক্ৰমণ কৰি জিতুল ডেকাই কয়, “আমি দেখি আহিছোঁ যে যি কোনোধৰণৰ জন সমাগম হোৱা সভা সমিতি, অনুষ্ঠান আয়োজন কৰোতে আইন শৃংখলা ৰক্ষাৰ বাবে প্ৰশাসনে কিছু নীতি নিয়মৰ মাজেৰে অনুমতি প্ৰদান কৰি আহিছে।”

কিন্তু এতিয়া সেই একে কামৰ বাবে টকাৰ প্ৰয়োজন কিয় বুলি সংবাদ মেলত আপ নেতা জিতুল ডেকাই প্ৰশ্ন তোলে। চৰকাৰৰ এনে জনবিৰোধী কাৰ্য তথা শোষণ নীতিৰ বিৰুদ্ধে গণতন্ত্ৰত বিশ্বাসী প্ৰতি গৰাকী ব্যক্তি, অনুষ্ঠানক এই কৰ ব্যৱস্থাৰ বিৰোধিতা কৰিবলৈ আহ্বান জনায়।

Related News