NORTHEAST NOW (Assamese)
Popular Stories

প্ৰকাশিত বাতৰি সন্দৰ্ভত ‘আপ’ৰ স্পষ্টীকৰণ

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী October 9, 2024 9:18 pm
প্ৰকাশিত বাতৰি সন্দৰ্ভত ‘আপ’ৰ স্পষ্টীকৰণ

ৰাজ্যৰ একাংশ সংবাদ পত্ৰ তথা ডিজিটেল মাধ্যমত আম আদমী পাৰ্টি সন্দৰ্ভত প্ৰকাশিত এটা বাতৰি আমাৰ দৃষ্টিগোচৰ হৈছে। দলবিৰোধী কাৰ্যকলাপত লিপ্ত থকাৰ অভিযোগত আপৰ পৰা বহিস্কৃত চন্দনজ্যোতি ফুকনে শিৱসাগৰত এখন সংবাদমেলৰ আয়োজন কৰি দলৰ ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰ আৰু ৰাষ্ট্ৰীয় নেতা তথা উত্তৰ পূৰ্বাঞ্চলৰ তত্বাৱধায়ক ৰাজেশ শৰ্মা ডাঙৰীয়াৰ বিৰুদ্ধে বিভিন্ন মনে সজা অভিযোগ উত্থাপন কৰিছে। এই অভিযোগ সম্পূৰ্ণ ভিত্তিহীন।

সভাপতি ধানোৱাৰ ডাঙৰীয়াৰ বিৰুদ্ধে বিজেপিৰ বি টীম হিচাপে কাম কৰাৰ অভিযোগ সম্পূৰ্ণ প্ৰৰোচনামূলক। তদুপৰি বাতৰিত প্ৰকাশ পোৱাৰ দৰে আপত ব্ৰজেন সন্দিকৈ গোট বুলি কোনো পৃথক গোটৰ অস্তিত্ব নাই। দলবিৰোধী কাৰ্যকলাপত জড়িত থকাৰ অভিযোগত ব্ৰজেন সন্দিকৈ, চন্দনজ্যোতি ফুকন, নাৰায়ণ দত্ত ভূঞা, অনুৰূপা বড়ো আৰু মুনীন গগৈ আপৰ পৰা বহিস্কৃত হোৱাৰ পিছত ৰাজ্যিক নিৰ্বাচনী বিষয়াই বহিস্কৃত সদস্য কেইজনক আপৰ নাম ব্যৱহাৰ নকৰিবলৈ পত্ৰ প্ৰেৰণ কৰিছে। গতিকে তেওঁলোকে উদ্দেশ্য প্ৰণোদিত ভাবে সম্বোধন কৰা সংবাদমেল সম্পূৰ্ণ নীতি বিৰুদ্ধ আৰু বিভ্ৰান্তিকৰ।