NORTHEAST NOW (Assamese)
Popular Stories

শাৰীৰিক অৱস্থাৰ অৱনতি ঘটিছে ৰতন টাটাৰ! একাধিক প্ৰতিবেদনত পোহৰলৈ আহিছে তথ্য

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী October 9, 2024 8:54 pm

যোৱা সোমবাৰে পুৱা হঠাৎ খবৰ বিয়পি পৰে যে ৰতন টাটাক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। কিন্তু তেওঁ নিজেই এটা ছ’চিয়েল পোষ্টত কয় যে এয়া ভুল খবৰ। কিন্তু বুধবাৰে কেইবাটাও সংবাদ মাধ্যমত ৰতন টাটাক চিকিৎসালয়ত ভৰ্তি হোৱাৰ লগতে তেওঁৰ অৱস্থাৰ অৱনতি ঘটা বুলি দাবী কৰে।

পূৰ্বে জনা গৈছিল যে ৰতন টাটা স্বাভাৱিক স্বাস্থ্য পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ গৈছিল। কিন্তু বুধবাৰে সমগ্ৰ ভাৰতৰ কেইবাটাও সংবাদ মাধ্যমত প্ৰকাশ পাইছে যে ৰতন টাটাৰ শৰীৰৰ অৱস্থা সঁচাকৈয়ে চিন্তাজনক। সম্প্ৰতি তেওঁ বিশেষ পৰ্যবেক্ষণৰ অধীনত আছে। প্ৰথমে শুনা গৈছিল যে তেওঁৰ ৰক্তচাপ হঠাতে কমি অহাৰ বাবে চিকিৎসালয়ত ভৰ্তি হ’বলগীয়া হৈছে। কিন্তু পিছলৈ গম পোৱা যায় যে উদ্যোগপতিজনে ঠিকেই কৈছে।

সোমবাৰে পোৱা খবৰ অনুসৰি ৰতন টাটাক সংকটজনক অৱস্থাত পুৱা ১২:৩০ বজাৰ পৰা ১ বজাৰ ভিতৰত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ইয়াৰ উপৰিও প্ৰকাশ পাইছে, বিখ্যাত হৃদৰোগ বিশেষজ্ঞ ডা. আস্পি গোলৱালাৰ তত্বাৱধানত চিকিৎসাধীন হৈ আছে। কিন্তু ৰতন টাটাই নিজেই নিজৰ ইনষ্টাগ্ৰাম হেণ্ডেলত পোষ্ট কৰি কয় যে এই খবৰ ভুল।

অৱশ্যে বুধবাৰে টাটা গ্ৰুপ বা ৰতন টাটাৰ নিজা কার্যালয়েও কোনো প্রতিক্রিয়া প্রদান নকৰিলে৷ কিন্তু সকলোৱে তেখেতৰ আশু আৰোগ্য কামনা কৰিছে।