NORTHEAST NOW (Assamese)
অসম

চৰকাৰী কাৰ্যালয়ত আৰু নাথাকিব মুখ্যমন্ত্ৰীৰ ফটো; ঘোষণা পঞ্জাৱৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 10, 2022 3:54 pm
WhatsApp Image 2022-03-10 at 3.28.10 PM

পঞ্জাৱৰ কোনো চৰকাৰী কাৰ্যালয়তে আৰু মুখ্যমন্ত্ৰীৰ ফটো আঁৰি ৰখা নহ’ব। বৃহস্পতিবাৰে বিজয় স্পষ্ট হোৱাৰ পিছতে ৰাইজৰ  সন্মুখত এইকথা ঘোষণা কৰে আম আদমী পাৰ্টিৰ নেতা তথা ৰাজ্যখনৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী ভগৱন্ত মানে।

তেওঁ কয়,’’পঞ্জাৱৰ চৰকাৰী কাৰ্যালয়ত এতিয়াৰে পৰা কেবল বাবাচাহেব আম্বেদকাৰ আৰু শ্বহীদ ভগৎ সিঙৰ ফটো থাকিব।‘’

উল্লেখ্য যে পঞ্জাৱ বিধানসভা নিৰ্বাচনৰ পূৰ্বেই ‘সাধাৰণ জনতাৰ মতামতৰ ভিত্তিত’ আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে সংগৰুৰৰ দুবাৰৰ সাংসদ ভগৱন্ত মানক মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী ঘোষণা কৰিছিল।

লগতে পঢ়ক: যুদ্ধৰ খবৰ: ইউক্ৰেইনৰ প্ৰত্যাক্ৰমণ; ৰাছিয়াৰ নিয়ন্ত্ৰণৰ পৰা উদ্ধাৰ খাৰকিভ-ডেৰহাচি!

দ্বিতীয়বাৰ বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হৈ আপে দুই-তৃতীয়াংশ সংখ্যাগৰিষ্ঠতাৰে পঞ্জাৱত ক্ষমতা দখল কৰিলে। পঞ্জাৱৰ জনতাই দিয়া দায়িত্ব সততাৰে পালন কৰি যাব বুলি কৈ মানে ৰাজ্যখনৰ জনসাধাৰণক অভিনন্দন জনায়।

পঞ্জাৱৰ ধুৰি বিধানসভা সমষ্টিৰ পৰা ৬৪শতাংশতকৈয়ো অধিক ভোট লাভ কৰি ভগৱন্ত মান বিজয়ী হৈছে।

ভগৱন্ত মানে লগতে জানিবলৈ দিয়ে যে তেওঁ দলৰ মুৰব্বী অৰবিন্দ কেজৰিৱালৰ সৈতে আলোচনা কৰি পঞ্জাৱৰ বিকাশৰ ৰূপৰেখা প্ৰস্তুত কৰিব।

ইপিনে, কেজৰিৱালে পঞ্জাৱত আপৰ বিজয়ক সাধাৰণ জনতাৰ বিপ্লৱ বুলি অভিহিত কৰিছে।