NORTHEAST NOW (Assamese)

আছুৰ দখলত গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভা

September 25, 2018 5:12 pm · এন ই নাও নিউজ
Updated: September 25, 2018 5:34 pm

এ বি ভি পি আৰু এন এছ য়ু আই, ছাত্ৰ মুক্তি আদিৰ প্ৰভাৱ আঁতৰাই আছুৰ প্ৰাৰ্থীয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভা দখল কৰিছে।

আজি ঘোষিত ছাত্ৰ একতা সভা, ২০১৮-১৯ৰ নিৰ্বাচনত সভাপতিৰ পদত আছুৰ লাকীমণি বৰুৱা, সাধাৰণ সম্পাদকৰ পদত আছুৰ নয়নজ্যোতি গগৈ অধিষ্ঠিত হয়।

আনহাতে, সাংস্কৃতিক সম্পাদকৰ পদত হীৰকজ্যোতি শৰ্মা, সাহিত্য আৰু সুকুমাৰ কলা বিভাগৰ সম্পাদকৰ পদত নিৰ্দলীয় হিচাপে প্ৰাৰ্থিত্ব আগ বঢ়োৱা বিদ্যুৎ বিকাশ বৰুৱা, সংগীত বিভাগত আছুৰ প্ৰাৰ্থী অনন্যা বুমন শৰ্মা নিৰ্বাচিত হৈছে।

মূল ক্ৰীড়া বিভাগত আছুৰ শুভম দেৱ নিৰ্বাচিত হোৱাৰ বিপৰীতে লঘু ক্ৰীড়া বিভাগত নিৰ্বাচিত হৈছে ডেভিদ নাথ।

মন কৰিব লগীয়া যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভালৈ প্ৰথমবাৰৰ বাবে এগৰাকী ছাত্ৰীয়ে সভাপতিৰ পদটো দখল কৰিলে। সভানেত্ৰী লাকীমণি বৰুৱা ৰাজনীতিবিজ্ঞান বিভাগৰ তৃতীয় ষান্মাসিকৰ ছাত্ৰী। তেওঁ প্ৰাক্তন কটনিয়ান। আনহাতে সাধাৰণ সম্পাদক নয়নজ্যোতি গগৈ ইউৰোপীয়ান ষ্টাডিজৰ ছাত্ৰ। গগৈৰ ঘৰ দৰঙত আৰু তেওঁ দৰং মহাবিদ্যালয়ৰো ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক নিৰ্বাচিত হৈছিল।

এতিয়ালৈকে সম্পূৰ্ণ তালিকা হাতত পৰা নাই যদিও প্ৰায়বোৰ মূল পদত আছুৰ প্ৰাৰ্থী জয়ী হোৱা বুলি জানিব পৰা গৈছে।

Related News