NORTHEAST NOW (Assamese)
অসম

বহাগৰ দ্বিতীয় দিনটোত শিৱসাগৰ আছুৱে উদযাপন কৰিলে মুকলি বিহু

Posted by: পাৰ্শ্বজ্যোতি গগৈ April 17, 2019 11:57 am
Mukali Bihu

শিৱসাগৰ জিলা ছাত্ৰ সন্থা, শিৱসাগৰ মহকুমা ছাত্ৰ সন্থা আৰু শিৱসাগৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বহাগৰ দ্বিতীয় দিনটোত নগৰৰ ঐতিহাসিক বৰ্ডিং খেল পথাৰত উদযাপন কৰা হয় মুকলি বিহু।

পতাকা উত্তোলনেৰে আৰম্ভ হোৱা মুকলি বিহুৰ পতাকা উত্তোলন কৰে সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি অসীম দত্তই। বিহুৱান উত্তোলন কৰে মুকলি বিহু উদযাপন সমিতিৰ সভাপতি ব্ৰজেন বৰাই আৰু চহিদ তৰ্পন কৰে সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনে।

এই অনুষ্ঠানৰ পিছতেই আছুৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয় কেইগৰাকীমান বিশিষ্ট ব্যক্তিক। সম্বৰ্ধিত ব্যক্তি কেইগৰাকী হ’ল নগেন শইকীয়া, চন্দ্ৰেশৰ বৰুৱা আৰু অনুধূতী মহন্ত।

সম্বৰ্ধনা অনুষ্ঠানৰ পাছত শিৱসাগৰ জিলাৰ উপায়ুক্ত ডাঃ এছ লক্ষ্মণনে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে মুকলি বিহু। প্ৰতিকূল বতৰৰ বাবে নিৰ্ধাৰিত সময়তকৈ কেইবাঘন্টা পলমকৈ অনুষ্ঠিত হোৱা মুকলি বিহুখনিত অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতিৰ লগতে বহুকেইটা খ্যাতনামা দলে বিহু হুঁচৰি প্ৰদৰ্শন কৰে।

মুকলি বিহুৰ লগত সংগতি ৰাখি জয়জ্যোতি গগৈ আৰু মুক্তাৱ হুছেইনৰ সম্পাদনাত প্ৰকাশ কৰি উলিওৱা গুমচেং নামৰ স্মৃতি গ্ৰন্থখন উন্মোচন কৰে গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ সাব্যসচী মহন্তই।

আনহাতে মুকলি বিহুস্থলিত আয়োজন কৰা বাটৰ কেনভাচ্, ‘অসম সৃষ্টিৰ এক প্ৰয়াস’ শীৰ্ষক অনুষ্ঠানটিত কেইবাগৰাকীও খ্যাতনামা চিত্ৰশিল্পীয়ে চিত্ৰ অংকন কৰে।

সন্ধিয়া ৮ বজাৰ পৰা অনুষ্ঠিত হোৱা সাংস্কৃতিক অনুষ্ঠানৰ শুভ উদ্ধোধন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিনজ্যোতি গগৈয়ে। অনুষ্ঠানত গীত পৰিবেশন কৰে অসমৰ খ্যাতনামা শিল্পী আচুৰ্য বৰপাত্ৰগোহাঁইয়ে।