NORTHEAST NOW (Assamese)
অসম

এপ’ল কোম্পানিৰ আঁৰৰ মানুহ অসীম কুমাৰ শৰ্মাৰ বিয়োগত অসমৰ উদ্যোগ জগতত শোক

Posted by: এন ই নাও নিউজ April 17, 2019 11:10 am
Ashim Kumar Sarma_APOL

এসময়ত অসমীয়া উদ্যোগীৰ বাবে আদৰ্শস্বৰূপ হৈ পৰা এপ’ল (APOL- Assam Polyester Co-operative Society Limited) উদ্যোগৰ আঁৰৰ মানুহ অসীম কুমাৰ শৰ্মাৰ মৃত্যুহে ৰাজ্যত শোকৰ ছাঁ পেলাইছে। তেওঁৰ উদ্যমিতা আৰু জাতীয়তাবাদী ভাবাদৰ্শই এপ’ল কোম্পানিৰ বহুল পৰিচিতি আৰু সমাদৰ লাভত সহায় কৰিছিল।

১৯৮০ চনতে ইঞ্জিনিয়াৰিং কলেজৰ পৰা মেকানিকেল ইঞ্জিনিয়াৰ হিচাবে উত্তীৰ্ণ হৈও অসীম কুমাৰ শৰ্মাই কৰ্নেল উমাকান্ত শৰ্মাৰ উদ্যোগত স্থাপিত ৰাজ্যৰ সফল বস্ত্ৰ উদ্যোগটোত দেহে-কেহে খাটি ইয়াক সুপ্ৰতিষ্ঠিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। উদ্যোগটো পৰিচালনাৰ ক্ষেত্ৰত তেওঁ উমাকান্ত শৰ্মাৰ সোঁহাত স্বৰূপ আছিল।

উল্লেখযোগ্য যে উদ্যোগটোৰ সফলতাৰ এটা পৰ্য্যায়ত এপ’ল কোম্পানিৰ ছাৰ্ট প্ৰতিজন অসমীয়াৰ আদৰৰ বস্তু হৈ পৰাৰ উপৰি কোম্পানিটোৰ আঁৰৰ মানুহ হিচাপে তেওঁৰ নাম সকলোৰে মুখে মুখে আছিল।

এই উদ্যোগটোৰ প্ৰতি মানুহৰ মৰম আৰু সমৰ্থন এনেকুৱা আছিল যে এপ’ল কোম্পানিৰ ছাৰ্ট এতিয়াও বহুতৰ বাবে নষ্টালজিয়া। তেওঁৰ মৃত্যুৰ বাতৰি পোৱাৰ পিছত নষ্টালজিক হৈ পৰা লোকৰ শ্ৰদ্ধাঞ্জলিৰে উপচিছে ছ’চিয়েল মিডিয়া।

যোৱা ১৪ এপ্ৰিলত দিচপুৰ পলিক্লিনকত শৰ্মাৰ মৃত্যু হয়। গুৱাহাটী নিৱাসী আছিল যদিও তেওঁৰ আচল ঘৰ আছিল যোৰহাটৰ কেন্দুগুৰিত। তাতে তেওঁৰ ১৯৫৬ চনত জন্ম হৈছিল।

প্ৰচাৰবিমুখ আৰু নিৰ্জু প্ৰকৃতিৰ শৰ্মা বহুতো অসমীয়া উদ্যোগীৰ বাবে পথপ্ৰদৰ্শক আছিল। তেওঁ পত্নী, এগৰাকী কন্যা আৰু অন্যান্য আত্মীয়-স্বজনক এৰি গৈছে। শৰ্মাৰ মৃত্যু অসমৰ উদ্যোগ জগতৰ বাবে এক অপূৰণীয় ক্ষতি।