NORTHEAST NOW (Assamese)
অসম

হাতে হাতে কলহ, বাল্টি ,মগ লৈ গুৱাহাটীৰ ৰাজপথত আছুৰ প্ৰতিবাদ, কিন্তু কিয়?

Posted by: কল্পজ্যোতি শইকীয়া, গুৱাহাটী Updated by: কল্পজ্যোতি শইকীয়া, গুৱাহাটী March 26, 2022 6:44 pm

মহানগৰবাসীক বিশুদ্ধ খোৱাপানী যোগানৰ দাবীত আছুৱে শনিবাৰে এক বি‌‍ক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে।
হাতে হাতে কলহ, বাল্টি, মগ লৈ সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ উদ্যোগত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়িত কৰা হয়।

শীঘ্ৰে মহানগৰবাসীক বিশুদ্ধ খোৱাপানী যোগানৰ দাবীত সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ আহ্বানতেই গুৱাহাটীৰ চাৰিটাকৈ স্থানত এই প্ৰতিবাদী কাৰ্যসূচীৰ ৰূপায়ন কৰা হৈছে।

মহানগৰীৰ চাৰিটাকৈ স্থান চান্দমাৰী, উলুবাৰী, গণেশগুৰি আৰু সোণাৰাম বৰুৱা খেলপথাৰত এই প্ৰতিবাদী কাৰ্যসূচী।

নিৰ্বাচন আহিলেই শাসকীয় দলে গুৱাহাটীত বিশুদ্ধ খোৱাপানী যোগান ধৰিম বুলি প্ৰতিশ্ৰুতি বহু দিলে।

সেই প্ৰতিশ্ৰুতি কেৱল আঁচনিতে সীমাৱদ্ধ হৈ আছে আৰু আনফালে জনতাৰ মৌলিক অধিকাৰ বিশুদ্ধ খোৱাপানীটুপিৰ বাবে ককবকাবলগীয়া হৈছে মহানগৰবাসীয়ে।

কিন্তু তাৰ প্ৰতি বিজেপি চৰকাৰৰ কোনো ভ্ৰুক্ষেপ নাই বুলি গুৰুতৰ অভিযোগ তুলি প্ৰতিবাদ সাব্যস্ত কৰে সদৌ গুৱাহাটী ছাত্ৰ সন্থাই। ইয়াৰোপৰি অতি শীঘ্ৰে বিশুদ্ধ খোৱাপানী যোগান দিবলৈ আছুৰ নেতৃত্বই চৰকাৰক দাবী জনায়।