NORTHEAST NOW (Assamese)
অসম

‘চান্দা’ তুলিছিল বহাগী বিদায়ৰ বাবে; কিন্তু সেই চান্দাৰে আছুৱে চিকিৎসালয়ত প্ৰদান কৰিলে অক্সিজেন চিলিণ্ডাৰ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া April 29, 2021 4:20 pm
176554515_195951072353751_503079569389762534_n

বিভিন্ন সময়ত আঞ্চলিকতাবাদী ছাত্ৰ সংগঠন ‘সদৌ অসম ছাত্ৰ সন্থা’ৰ নেতৃত্বৰ বিৰুদ্ধে ‘চান্দাজীৱী’ বুলি অভিযোগ উঠি অহাৰ মাজতে ধেমাজি জিলাৰ গোগামুখ আছুৱে লৈছে এক ব্যতিক্ৰমী পদক্ষেপ।

ক’ৰ’না ভাইৰাছৰ সংহাৰী ৰূপৰ বাবেই গোগামুখ আছুৰ উদ্যোগত অনুষ্ঠিত হ’বলগীয়া ৩৭ সংখ্যক বহাগী বিদায় অনুষ্ঠান বাতিল কৰি অনুষ্ঠানৰ বাবে উঠা ‘চান্দা’ বা ধনেৰে দুখনকৈ চিকিৎসালয়ত অক্সিজেন চিলিণ্ডাৰ প্ৰদান কৰে।

আজি গোগামুখ আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্য্যালয়ত এক অনুষ্ঠানৰ জৰিয়তে ধেমাজি জিলাৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ হাতত কোভিড পৰিস্থিতিৰ সৈতে যুঁজিব পৰাকৈ ১০ টাকৈ অক্সিজেন চিলিণ্ডাৰ প্ৰদান কৰে গোগামুখ ছাত্ৰ সন্থাই।

উক্ত অক্সিজেন চিলিণ্ডাৰ বিতৰণ অনুষ্ঠানত উপস্থিত থাকি সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই এই ব্যতিক্ৰমী পদক্ষেপৰ শলাগ লয়।

তেওঁ কয়, ‘কৰ’না মহামাৰীৰ বাবে সমগ্ৰ পৃথিৱী আতংকিত হৈ থকাৰ সময়ত গোগামুখ আঞ্চলিক ছাত্ৰ সন্থাই এটা মহৎ উদ্দেশ্যৰে গ্ৰহণ কৰা এই পদক্ষেপ প্ৰশংসনীয় ৷ এই মহান কামৰ জড়িয়তে ক’ভিড চিকিৎসাত বহুখিনি সহায়ক হ’ব লগতে গোগামুখ আঞ্চলিক ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়টি ক’ভিড ভেকচিন প্ৰদানৰ বাবে চিকিৎসা বিভাগক অৰ্পণ কৰিছে ৷ আহিবলগীয়া দিনবোৰত গোগামুখ আঞ্চলিক ছাত্ৰ সন্থাই এনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰি যাব বুলি মই আশাবাদী ৷’

‘সকলোৱে সজাগ হওক, বিশ্ব স্বাস্থ্য সংস্থাই বান্ধি দিয়া ক’ভিড প্ৰট’কল সমূহ মানি চলক আৰু সুস্থ থাকক,‘-ৰাইজৰ প্ৰতি আহ্বান জনাই বৰুৱাই এইদৰে কয়।

ৰং ৰহস্যৰ পৰা আঁতৰি থাকি বৰ্তমান সময়ত সমাজৰ মংগলৰ স্বাৰ্থত গোগামুখ আঞ্চলিক ছাত্ৰ সন্থাৰ সময়োপযোগী সিদ্ধান্তই এই কথাকেই প্ৰমাণ কৰি দেখুৱালে।

উক্ত অনুষ্ঠানত উপস্থিত থাকে ধেমাজি জিলা যুটীয়া স্বাস্থ্য সঞ্চালক, সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱা, গোগামুখৰ প্ৰাক্তন ছাত্ৰ নেতা সকলৰ লগতে গোগামুখৰ বিভিন্ন গণ্য-মান্য ব্যক্তি।