NORTHEAST NOW (Assamese)
অসম

কোভিডত আক্ৰান্ত প্ৰাক্তন সাংসদ ৰমেন ডেকা; আই.চি.য়ুত ভৰ্তি

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া April 29, 2021 4:16 pm
ramen deka final

ৰাজ্যত দ্ৰুতগতিত বৃদ্ধি পাই আহিছো কোভিড-১৯ ৰ সংক্ৰমণ। দৈনিক গড়ে ৩ হাজাৰৰো লোক আক্ৰান্ত হৈছে কোভিড-১৯ত। প্ৰতিদিনে গড়ে ২০ জনকৈ লোকে ক’ৰ’নাত আক্ৰান্ত হৈ মৃত্যুক আকোৱালি লোৱাৰ খবৰ আহিছে।

তেনে সময়তে প্ৰাক্তন লোকসভাৰ সাংসদ তথা বিজেপিৰ জ্যেষ্ঠ নেতা ৰমেন ডেকা কোভিড প’জিটিভ হোৱাৰ খবৰ আহিছে।

ৰমেন ডেকাক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলৰ আই চি য়ুত ভৰ্তি কৰোৱা হৈছে।

চিকিৎসকে বৰ্তমান ডেকাৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ হৈ আছে বুলি জানিবলৈ দিছে।

ৰাজ্যত ক্ৰমাগত হাৰত বৃদ্ধি পাইছে ক’ৰ’নাৰ সংক্ৰমণ আৰু এইবাৰ কোভিড প’জিটিভ হৈ চিকিৎসালয়ৰ আই চি য়ুত ভৰ্তি হ’বলগীয়া হৈছে বিজেপিৰ প্ৰাক্তন সাংসদ ৰমেন ডেকা।

জানিব পৰা মতে তেওঁৰ পত্নীও আক্ৰান্ত হৈছে কোভিড-১৯ত।