NORTHEAST NOW (Assamese)
অসম

নাৰী শক্তি! সংক্ৰমণত বিপৰ্যস্ত দেশৰ এই গাঁৱখন কিয় এতিয়াও স্পৰ্শ কৰিব পৰা কৰ’নাই?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 29, 2021 3:37 pm
Chikhala Village

মাৰাত্মক কৰ’না ভাইৰাছৰ দ্বিতীয়টো ঢৌত বিপৰ্যস্ত হৈ পৰিছে ভাৰত। এনে ভাইৰাছৰ ভয়ংকৰ সংক্ৰমণৰ ফলত এক প্ৰকাৰ সংহাৰৰ সৃষ্টি হৈছে বিশ্বৰ অন্যতম জনবহুল দেশখনত।

বিগত ২৪ ঘন্টাত দেশখনত ৩হাজাৰ ৬৪৫জন লোকৰ কৰ’নাত মৃত্যু হৈছে। সেইদৰে আক্ৰান্ত হৈছে ৩লাখ ৭৯হাজাৰ ২৫৭জন।

দেশখনৰ প্ৰতিখন জিলা, চহৰ, গাঁও ক’তো কৰ’না ভাইৰাছৰ সংক্ৰমণ নঘটাকৈ থকা নাই।

এনে ভয়ংকৰ সংক্ৰমণৰ মাজতো মধ্য প্ৰদেশৰ বেতুল জিলাৰ চিখালা গাঁৱক কৰ’নাই স্পৰ্শ কৰিব পৰা নাই। গাঁওখনে কৰ’না সংক্ৰমণ প্ৰতিৰোধৰ ক্ষেত্ৰত দৃষ্টান্ত গঢ়িবলৈ সক্ষম হৈছে।

২০০৯চনৰ তথ্য অনুসৰি গাঁৱখনত ৮৭টা পৰিয়ালে বাস কৰে আৰু মুঠ জনসংখ্যা হৈছে ৪৭৬জন। গাঁৱখনত ২৩৬জন পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা হৈছে ২৪০গৰাকী।

গাঁৱখনৰ নাৰীসকলৰ তৎপৰতাৰ বাবেই কৰ’না প্ৰতিৰোধত সম্ভৱপৰ হৈছে। কৰ’না সংক্ৰমণ ৰোধৰ বাবে কোনো বহিৰাগত লোকক তেওঁলোকে গাঁৱখনত প্ৰৱেশ কৰিব দিয়া নাই। আনকি, নিজেও সাধাৰণতে গাঁৱখনৰ পৰা বাহিৰলৈ নোলায়।

অত্যাৱশ্যকীয় সামগ্ৰীৰ বাবে গাঁৱখনৰ দুজন যুৱকক দায়িত্ব দিয়া হৈছে। তেওঁলোকেই প্ৰয়োজন অনুসৰি বাহিৰলৈ গৈ বজাৰ কৰি আনি ঘৰে ঘৰে সামগ্ৰীসমূহ দি থৈ আহে।

গাঁৱখনৰ মূল প্ৰৱেশ পথটো বাঁহেৰে বেৰ দি বন্ধ কৰি দিয়া হৈছে। তাত গাঁৱখনৰ মহিলাসকলে হাতত লাঠী লৈ পাল পাতি ২৪ঘন্টাই পহৰা দিয়ে। আনকি বিনা কাৰণত কাৰোবাক ঘুৰি ফুৰা দেখিলে পিটিবলৈকো নেৰে মহিলা ব্ৰিগেডে।

কৰ’না প্ৰতিৰোধৰ ক্ষেত্ৰত এই চিখালা গাঁৱখন এতিয়া দেশবাসীৰ বাবে উদাহৰণ হৈ পৰিছে।