NORTHEAST NOW (Assamese)
অসম

কলিয়াবৰ প্ৰেছ ক্লাৱৰ প্ৰশংসনীয় পদক্ষেপ: মাক্স পৰিধান নকৰা ব্যক্তিক মাস্ক বিতৰণ

Posted by: ৰিদিপ শৰ্মা Updated by: ৰিদিপ শৰ্মা April 29, 2021 3:35 pm
mask

কলিয়াবৰ প্ৰেছ ক্লাৱৰ প্ৰশংসনীয় পদক্ষেপ।

কলিয়াবৰৰ ভিন্ন প্ৰান্তত কৰোনা সজাগতা সৃষ্টি কৰাৰ লগতে মাক্স পৰিধান নকৰা ব্যক্তিক একোখনকৈ মাক্স বিতৰণ কৰে কলিয়াবৰ প্ৰেছ ক্লাৱৰ সংবাদসেৱী সকলে।

ভয়াৱহ কৰোনা মহামাৰীয়ে সাম্প্ৰতিক সময়ত বিপযস্ত কৰি তুলিছে সমগ্ৰ দেশ তথা ৰাজ্য।

চৰকাৰ-প্ৰশাসনে এই মহামাৰীৰ সময়ত সকলোকে মাক্স পৰিধান কৰিবলৈ নিৰ্দেশ দিছিল যদিও এতিয়াও একাংশ লোকে মাক্স পৰিধান নকৰি অনাই-বনাই ঘূৰি ফুৰা পৰিলক্ষিত হৈছে।

ৰাইজক সজাগতা সৃষ্টিৰ লক্ষৰে কলিয়াবৰৰ ভিন্ন প্ৰান্তত কলিয়াবৰ প্ৰেছ ক্লাৱৰ সভাপতি-সম্পাদকৰ নেতৃত্বত সংবাদসেৱীসকলে মাক্স বিতৰণ কৰাৰ লগতে সজাগতা সৃষ্টি কৰে।

কলিয়াবৰ প্ৰেছ ক্লাৱৰ এই পদক্ষেপক এতিয়া সকলোৱে শলাগ লয়।