NORTHEAST NOW (Assamese)
অসম

ৰাজহুৱা স্থানত মুছলমান মহিলাই পৰিধান কৰিব নোৱাৰিব বোৰ্খা, ক’ত?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 29, 2021 3:07 pm
borkha

বোৰ্খা নিষিদ্ধ কৰাৰ বাবে ভাৰতৰ বিভিন্ন ৰাজ্যৰ লগতে বিশ্বৰ বহু দেশত দাবী উত্থাপন হৈ আহিছে। ইউৰোপৰ কেইবা খনো দেশে ইতিমধ্যে বোৰ্খা নিষিদ্ধও কৰিছে।

শেহতীয়াকৈ দেশৰ নিৰাপত্তাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি দ্বীপ ৰাষ্ট্ৰ শ্ৰীলংকাৰ চৰকাৰেও দেশ খনত ৰাজহুৱা স্থানত বোৰ্খা পৰিধান কৰাটো নিষিদ্ধ কৰিছে।

শ্ৰীলংকা চৰকাৰৰ এগৰাকী মুখপত্ৰই এই সন্দৰ্ভত মন্তব্য কৰি কয় যে দেশ খনৰ কেবিনেটে নিৰাপত্তাৰ খাতিৰতে ৰাজহুৱা স্থানত বোৰ্খা নিষিদ্ধ কৰাৰ সিদ্ধান্ত লৈছে।

উল্লেখ্য ২০১৯ চনত ইষ্টাৰ ছানডেৰ দিনা সন্ত্ৰাসবাদীয়ে শ্ৰীলংকাৰ গীৰ্জা আৰু হোটেলত আক্ৰমণ চলাই প্ৰায় আঢ়ৈশ লোকক হত্যা কৰিছিল।

ইয়াৰ পিছতে দেশ খনত সাময়িক ভাবে বোৰ্খা পৰিধান কৰাটো নিষিদ্ধ কৰা হৈছিল।কিন্তু চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে দেশ খনৰ মুছলমান লোকসকলে প্ৰতিবাদ কৰাত চৰকাৰে সেই নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিছিল।

শেহতীয়াকৈ পুনৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি অহাত চৰকাৰে ৰাজহুৱা স্থানত বোৰ্খা নিষিদ্ধ কৰিছে।

সন্ত্ৰাসবাদীয়ে বোৰ্খা পৰিধান কৰি কূটাঘাত সংঘটিত কৰিব পাৰে বুলিয়েই এনে সিদ্ধান্ত লোৱা হৈছে। উল্লেখ্য কিছুদিন পূৰ্বে

ইউৰোপৰ আন এখন দেশে বোৰ্খা নিষিদ্ধ কৰাৰ কথা ঘোষণা কৰিছিল।

বোৰ্খা নিষিদ্ধ কৰা ইউৰোপৰ দেশ খন হৈছে ছুইজাৰলেণ্ড।

ছুইজাৰলেণ্ডে শেহতীয়াকৈ দেশ খনত অনুষ্ঠিত কৰা গণভোটত বোৰ্খাৰ সপক্ষে যিমান সংখ্যক লোকে ভোটদান কৰে তাতকৈ কিছু বেছি সংখ্যক লোকে বোৰ্খা পৰিধানৰ বিৰুদ্ধে ভোট দিছিল।

ফলত ছুইজাৰলেণ্ডৰ চৰকাৰে অধিসূচনা জাৰি কৰি দেশ খনত বোৰ্খা পৰিধান কৰাটো নিষিদ্ধ কৰিছিল।

উল্লেখ্য ছুইজাৰলেণ্ডৰ চৰকাৰে সন্ত্ৰাসবাদীৰ আক্ৰমণ প্ৰতিহত কৰাৰ স্বাৰ্থতে বোৰ্খা নিষিদ্ধ কৰা বুলি ঘোষণা কৰিছিল ।

ইউৰোপৰ বহু কেই খন দেশে ইতিমধ্যে বোৰ্খা পৰিধান কৰাটো নিষিদ্ধ কৰিছে।

বোৰ্খা নিষিদ্ধ কৰা দেশ সমূহৰ ভিতৰত বহু কেইখন ইছলামিক দেশো আছে।