NORTHEAST NOW (Assamese)
অসম

কোভিড পজিটিভ হোৱাৰ পাছতেই চহৰখনৰ পৰা উধাও ৩হাজাৰ কৰ’না আক্ৰান্ত; দিশহাৰা প্ৰশাসন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 29, 2021 2:42 pm
Covid positive ptients flee

কৰ’নাৰ ব্যাপক সংক্ৰমণ নিয়ন্ত্ৰণৰ বাবে হাবাথুৰি খাবলগীয়া অৱস্থা হৈছে চৰকাৰৰ। এনে পৰিস্থিতিতো কিন্তু সাধাৰণ নাগৰিকৰ গা এৰা মনোভাৱ সলনি হোৱা নাই।

এনে এক ঘটনাৰ নমুনা দেখা গৈছে বাংগালুৰুত। কোভিড পজিটিভ হোৱাৰ পাছতেই চহৰখনৰ পৰা উধাও হৈছে কমেও তিনি হাজাৰ আক্ৰান্ত।

আনহাতে, মোবাইলত যোগাযোগ কৰিও তেওঁলোকৰ খৱৰ পোৱা হোৱা নাই।

কৰ’না সংক্ৰমণৰ নতুন হটস্পট হৈ পৰিছে কৰ্ণাটকৰ বাংগালুৰু। দ্ৰুতগতিত বৃদ্ধি পাইছে সংক্ৰমণ।  কোভিড টেষ্ট চলাই থকাৰ মাজতে ঘটিছে এনে বিপদ। প্ৰায় ৩হাজাৰ কৰ’না ৰোগী নাপাত্তা।

সেয়াই নহয়, তেওঁলোকে নিজৰ মোবাইল ফোনৰ চুইচো অফ কৰি ৰাখিছে। তদুপৰি, তেওঁলোকক ঘৰলৈ গৈয়ো বিচাৰি পোৱা নাই।

ইপিনে, আৰক্ষীয়ে তেওঁলোকক বিচাৰি তালাচী অভিযান আৰম্ভ কৰিছে।

কৰ্ণাটক চৰকাৰৰ এগৰাকী মন্ত্ৰী আৰ অশোকে জানিবলৈ দিছে যে কৰ’না ৰিপ’ৰ্ট পজিটিভ অহাৰ পাছতেই তিনি হাজাৰ লোক নিজৰ ঘৰ এৰি পলায়ন কৰিছে।

তেওঁ লগতে কয় যে বহুতেই মোবাইল ফোন বন্ধ কৰি দিছে। তাৰ পাছত শাৰীৰিক অৱস্থাৰ অৱনতি ঘটাৰ পাছত ফোন খুলিছে। তেতিয়া তেওঁলোকক আইচিইউত ভৰ্তি কৰা হৈছে। হাস্পাতালসমূহত বিছনাৰ অভাৱ হৈছে।

মন্ত্ৰীগৰাকীয়ে সকলোকে আহ্বান জনাইছে যাতে টেষ্টৰ ৰিপ’ৰ্ট পজিটিভ আহিলে কোনেও আতংকিত নহয়। সঠিক চিকিৎসা লাভ কৰিলেই অধিকাংশ ৰোগীয়ে আৰোগ্য লাভ কৰিছে। সেয়ে ভয় খাই পলাই নাযাৱ।