NORTHEAST NOW (Assamese)
অসম

মাজুলীৰ কমলাবাৰী ঘাটত ধুমুহাত উটি গ’ল দুখনকৈ ১০৮ মৃত্যুঞ্জয় ফেৰি

Posted by: মিটু খাটনিয়াৰ July 21, 2018 4:47 pm

শুকুৰবাৰে নিশা মাজুলীত অহা এজাক প্ৰচণ্ড ধুমুহাই কমলাবাৰী ফেৰি ঘাটৰ পৰা বান্ধি থোৱা অৱস্থাত থকা দুখনকৈ ১০৮ মৃত্যুঞ্জয় ফেৰি উটুৱাই নিয়ে।

বৰ্তমান কমলাবাৰী থানাৰ আৰক্ষীয়ে ফেৰি দুখনৰ সন্থান চলাই আছে। ব্ৰহ্মপুত্ৰৰ নামনিলৈ আৰক্ষীৰ দল ৰাওনা হৈছে যদিও এতিয়ালৈকে ফেৰি দুখনৰ সন্দৰ্ভত কোনো সন্ধান পোৱা নাই।

উল্লেখযোগ্য যে বিভাগৰ দায়িত্বহীনতাৰ বাবেই সংঘটিত এই ঘটনাত ক্ষুব্ধ হৈ পৰিছে মাজুলীবাসী। যিহেতু জৰুৰীকালীন চিকিৎসাৰ ৰোগীসকলক এই ১০৮ মৃত্যুঞ্জয় ফেৰিৰেই উন্নত চিকিৎসাৰ বাবে মাজুলীৰ বাহিৰলৈ নিয়াৰ একমাত্ৰ ব্যৱস্থা। তেনেস্থলত ফেৰিদুখন হেৰাব লগা হোৱাত ওলাই পৰিছে স্বাস্থ্য বিভাগৰ ফোপোলা স্বৰূপ।

আনহাতে স্থানীয় একাংশই নিশাৰ ভাগত ফেৰি দুখনত কোনো ৰখীয়া নথকাৰ বাবেই এই ঘটনা সংঘটিত হোৱা বুলি উল্লেখ কৰিছে।