NORTHEAST NOW (Assamese)
অসম

ইউ টিউবত প্ৰচাৰিত মেৰী হাচদাৰ গীতৰ বিৰুদ্ধে চাওঁতালী সংগঠনৰ থানাত এজাহাৰ দাখিল

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া April 8, 2021 7:54 pm
you tube song

অসমৰ বাক্সা জিলাৰ এগৰাকী যুৱতীয়ে গোৱা এটা গীত ইউ টিউবত প্ৰকাশ পোৱাৰ লগে লগেই জাঙুৰ খাই উঠিছে ৰাজ্যৰ চাওঁতালী সমাজ ৷

মেৰী হাচদাই ভাৰতৰ আদিবাসী জনগোষ্ঠীৰ উপাস্য দেবতা ‘মাৰাং বুৰু’কক তেওঁ এই গীতত ইচ্ছাকৃতভাৱে অপমান কৰাৰ লগতে চাওঁতাল জনগোষ্ঠীৰ ধর্মীয় অনুভূতিতো আঘাত সানিছে বুলি অভিযোগ কৰাৰ লগতে গোচৰো ৰজু কৰিছে ৷

আজি ৰাজ্যৰ বিভিন্ন স্থানৰ লগতে বোকাখাততো সদৌ চাওঁতাল যুৱ সন্থাৰ কেন্দ্ৰীয় সমিতি আৰু সদৌ চাওঁতাল ছাত্ৰ সন্থাই মেৰী হাচদাৰ বিতৰ্কিত গীতত উপাস্য দেৱতা জনক অপমান কৰাৰ অভিযোগেৰে বোকাখাত আৰক্ষী থানাত একোখনকৈ এজাহাৰ দাখিল কৰে ৷

যোৱা ১ এপ্ৰিলত ইউ টিউবত প্ৰচাৰিত হোৱা মেৰী হাচদাৰ এই গীতত “যিশুৰ সঙ্গে লাড়হাই লেনাইমাৰাং বুৰু চয়তান”  বুলি উল্লেখ কৰি জনগোষ্ঠীটোৰ উপাস্য দেৱতা মাৰাং বুৰুক চয়তান হিচাবে অভিহিত কৰিছে বুলি চাওঁতালী সংগঠন কেইটাৰ এজাহাৰত উল্লেখ কৰিছে ৷

মেৰী হাচদাৰ গীতটোৱে ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰস্তাৱনাত উল্লেখিত ধর্ম নিৰপেক্ষতাকো আঘাত হানিছে বুলিও উল্লেখ কৰা হয় ৷

এজাহাৰ দাখিলৰ পিচতে আয়োজন কৰা অক সংবাদ মেলত বিতৰ্কিত গীতটোৰ গায়িকা বাক্সা জিলাৰ পাহাৰপুৰ শুকানজুলিৰ নুৱাসী মেৰী হাচদাক এনে কাৰ্যৰ বাবে কঠোৰতম শাস্তি প্ৰদান কৰিবৰ বাবে দাবী জনায় ৷