NORTHEAST NOW (Assamese)
অসম

নিশা চোৰৰ অভিযান! কাৰ্ফিউৰ সুযোগ লৈ গোলাঘাটত পুনৰ সক্ৰিয় চোৰৰ চক্ৰ

Posted by: মীনাক্ষী ফুকন Updated by: মীনাক্ষী ফুকন July 4, 2021 2:45 pm
Golaghat

এফালে লকডাউন আৰু কাৰ্ফিউ আনফালে সৰ্বসাধাৰণৰ মাজত অৰ্থনৈতিক সংকট। অৰ্থনৈতিক দুৰৱস্থাই কোঙা কৰা এই জটিল সময়তে গোলাঘাটত পুনৰ সক্ৰিয় হৈ উঠিছে চোৰৰ বৃহৎ চক্ৰ।

কাৰ্ফিউৰ সুযোগ লৈ নগৰখনৰ কেইবাটাও অঞ্চলত চোৰে চলালে চাফাই অভিযান। শনিবাৰে নিশা গোলাঘাটৰ তিনিটা অঞ্চলত চোৰে সংঘটিত কৰিলে চুৰিকাণ্ড আৰু লাখ লাখ টকাৰ সামগ্ৰী লুটি নিলে।

গোলাঘাটৰ তপন নগৰৰ অনুপম ফেক্টৰীৰ সমীপত এটা বাসগৃহৰ পৰা নগদ ১ লাখ টকা আৰু প্ৰায় ডেৰ লাখ টকাৰ আ-অলংকাৰ লুটপাত কৰে চোৰে। নিশাৰ আন্ধাৰত গৃহস্থ শুই থকা অৱস্থাত চলায় এই চুৰিকাণ্ড। শ্ৰীকান্ত গুপ্তা নামৰ লোকজনৰ বাসগৃহত সংঘটিত হয় এই চুৰিকাণ্ড।

আনহাতে, নগৰখনৰ নিউ ফিচ মাৰ্কেটৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰাও চোৰে লুটি নিলে নগদ ১০ হাজাৰ টকা। গেলামালৰ দোকানখনৰ দুৱাৰ ভাঙি চোৰে  সংঘটিত কৰে এই ঘটনা। পুৱাই গৌৰৱ বাৰ্ণাল নামৰ স্বত্বাধিকাৰজনে দোকান খুলিবলৈ বুলি আহি প্ৰত্যক্ষ কৰিলে এই চুৰিকাণ্ড।

ইপিনে,গোলাঘাটৰ ঘোষ গাৰ্মেন্টচ নামৰ এখন কাপোৰৰ দোকানতো চোৰে চলালে  অন্য এক অভিযান। অৱশ্যে দোকান খনৰ পৰা কোনো সা-সামগ্ৰী লুটি নিব নোৱাৰিলে যদিও দোকানখনৰ দুৱাৰ ভাঙি প্ৰৱেশ কৰিবলৈ চেষ্টা চলাইছিল চোৰে।

এতিয়া  তিনিওটা অঞ্চলত গোলাঘাট আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া।