NORTHEAST NOW (Assamese)
অসম

নিমাতী ঘাটত দম দম দেশীয় সুৰাৰ লগতে প্লাষ্টিকৰ খালী পানী বটল: “মন যায়”গ্ৰুপৰ চাফাই অভিযান

Posted by: এন ই নাও নিউজ, যোৰহাট Updated by: এন ই নাও নিউজ, যোৰহাট June 24, 2022 12:53 pm

সততে যোৰহাটৰ  নিমাতী ঘাটক লৈ ঘটনা-পৰিঘটনা বা বিভিন্ন ধৰণৰ প্ৰতিবাদী কাৰ্যসূচীৰ বাতৰি সম্প্ৰচাৰ কৰা হয়। যোৰহাটৰ নিমাতী ঘাট বুলি ক’লেই সকলোৰে সন্মুখত ভাহি উঠে এক বিনন্দীয়া পৰিবেশ। এই নিমাতী ঘাটেৰেই দেশখনৰ লগতে বিভিন্ন দেশ সমুহৰ পৰা সত্ৰনগৰী মাজুলীলৈ যাত্ৰা কৰে পৰ্যটকসকলে।

বিভিন্ন সময়ত চৰকাৰখনে স্বচ্ছ ভাৰতৰ নামত বিভিন্ন বিজ্ঞাপন সম্প্ৰচাৰ কৰি আহিছে যদিও বাস্তৱত যে একো সুফল লাভ কৰা নাই তাৰ যেন প্ৰকৃত ছৱিখন দেখুৱাই দিলে অমৰ অসীম বৰাৰ নেতৃত্বত “মন যায়” গোটটোৰ সদস্য সকলে।

যোৰহাটৰ নিমাতী ঘাটত দম দম বিভিন্ন ধৰণৰ দেশীয় সুৰাৰ লগতে প্লাষ্টিকৰ খালী পানী বটল সকলো চাফা কৰিছে গোটটোৱে। যি কাম কৰিব লাগিছিল চৰকাৰী  বিভাগে সেই কাম বিভাগটোৱে নকৰাত নৱপ্ৰজন্মই নিজে হাতে-কামে লাগিছে।

এই গোটোটোৱে যে এদিনতেই এই চাফাই শেষ কৰিছে তেনে নহয়, প্ৰতি সপ্তাহত তেওঁলোকে চাফা কৰিব নিমাতী পাৰ ঘাট। লগতে ৰাগিয়াল দ্ৰব্য সেৱন কৰি য’তে ত’তে বটলসমুহ পেলাই পৰিবেশ বিনষ্ট নকৰিবলৈ সকলোকে অনুৰোধ জনাইছে গোটটিয়ে।

এই প্ৰশংসনীয় পদক্ষেপৰ বাবে গোটটোৰ সমুহ কৰ্মকতালৈ ৰাইজে শুভেচ্ছা জনাইছে।