NORTHEAST NOW (Assamese)
অসম

গুৱাহাটীক অধিক সেউজীয়া কৰি তোলাৰ লক্ষ্য গুৱাহাটী ছাত্ৰ সন্থাৰ; চান্দমাৰীত বিশ্ব পৰিবেশ দিৱস পালন

Posted by: দীপজ্যোতি শৰ্মা Updated by: দীপজ্যোতি শৰ্মা June 5, 2020 1:58 pm

‘‘সমগ্ৰ গুৱাহাটীত বৃক্ষ ৰোপনৰ লক্ষ্য লৈছে সদৌ গুৱাহাটীৰ ছাত্ৰ সন্থাই। গ্ৰীণ গুৱাহাটীৰ পৰিকল্পনা কৰা হৈছে,’’ চান্দমাৰী অভিযান্ত্ৰিক খেল পথাৰত অনুষ্ঠিত বিশ্ব পৰিবেশ দিৱসত আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য সীমান্ত ঠাকুৰীয়াই এইদৰে মন্তব্য কৰে।

‘‘ৰাজ্য সকলো বিদ্যালয়-মহাবিদ্যালয়কে ধৰি শিক্ষানুষ্ঠানসমূহত ফল- মূলৰ গছ পুলি ৰোপন কৰাৰ কথা চিন্তা কৰা হৈছে। প্ৰতিজন ছাত্ৰ-ছাত্ৰীক নিজ ঘৰত একোজোপা গছ পুলি ৰোপন কৰাৰ বাবে আহ্বান জনাইছো,’’ ঠাকুৰীয়াই লগতে কয়।

আজি বিশ্ব পৰিবেশ দিৱসৰ অংশস্বৰূপে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক সদস্য সকলে চান্দমাৰীৰ অসম অভিযান্ত্ৰিক খেলপথাৰত বিশ্ব পৰিবেশ দিৱস পালন কৰে।

বিশ্ব পৰিবেশ দিৱসত সদৌ গুৱাহাটীৰ ছাত্ৰ সন্থাৰ উদ্যোগত মহানগৰীৰ বিভিন্ন স্থানত গছ পুলি ৰোপন কৰা হয়।

গছপুলি ৰোপন কাৰ্যসূচীত উপস্থিত থাকে আছুৰ কেন্দ্ৰীয় কাৰ্যনির্বাহক সদস্য  সীমান্ত ঠাকুৰীয়াৰ লগতে তপন কলিতাকে ধৰি সদৌ গুৱাহাটীৰ ছাত্ৰ সন্থাৰ বিষয়-ববীয়া সকল।

ক’ৰ’নাৰ সংকটৰ সময়ত সামাজিক দূৰত্ব মানি চলি আছু সদস্য সকলে হাতে হাতে প্লে কাৰ্ড লৈ প্ৰকৃতি সুৰক্ষাৰ বিভিন্ন বাণী ৰাইজলৈ প্ৰেৰণ কৰে।