NORTHEAST NOW (Assamese)
অসম

বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ বীজাণুযুক্ত পানীয়ে দুৰ্ভোগ ভোগাইছে অঞ্চলবাসীক

Posted by: পুলেন্দ্র দাস Updated by: পুলেন্দ্র দাস June 5, 2020 2:00 pm
barpeta medical

বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ নলাৰ পানীয়ে অঞ্চলটোৰ ৰাইজক নৰক যন্ত্ৰণা ভোগাই আহিছে ৷

হাস্পতাল চৌহদৰ দূষিত পানী নলাৰে হাস্পতাল চৌহদৰ বাহিৰলৈ বোৱাই নিয়াৰ ফলত হাস্পতাল চৌহদৰ বাহিৰৰ বাটপথ সমুহ দুৰ্গন্ধযুক্ত নলাত পৰিণত হোৱা বুলি স্থানীয়ে ৰাইজে অভিযোগ কৰে ৷

ৰাইজে ক্ষোভেৰে কয় যে,হাস্পতালখনৰ পানী নলাৰে আহি যতিগাঁও প্ৰাথমিক বিদ্যালয়ৰ সন্মুখৰ ৰাষ্টাৰ ওপৰেৰে বৈ যায় ৷

ইয়াৰ ফলত এই বীজাণুযুক্ত আৰু দুৰ্গন্ধময় পানী গচকি চলাচল কৰিব লগা হৈছে পথচাৰীসকল ৷

হাস্পতালখনত কৰ’না ৰোগীৰ চিকিৎসা চলাই থকাৰ পাছতো হাস্পতালখনৰ পানী নলাৰে ৰাষ্টাত পেলোৱাক লৈ ৰাইজ চিন্তিত হৈ পৰিছে ৷

বিগত তিনিবছৰ ধৰি হাস্পতালৰখনৰ বীজাণুযুক্ত আৰু দুৰ্গন্ধময় পানীয়ে অঞ্চলবাসীক জ্বলা কলা খুৱাই অহাৰ পাছতো এই সমস্যা সমাধানৰ বাবে জিলা প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি ৰাইজে অভিযোগ কৰে ৷

হাস্পতালখনৰ বীজাণুযুক্ত আৰু দুৰ্গন্ধময় পানী ৰাষ্টাত পৰা সন্দৰ্ভত স্থানীয় ৰাইজে চিকিৎসা মহাবিদ্যালয়খনৰ উৰ্ধতম কৰ্তৃপক্ষৰ লগতে জিলা প্ৰশাসনক অৱগত কৰি আহিছিল।

পিচে,আজিলৈকে নলাৰ পানী উপযুক্তভাৱে বোৱাই নিয়াৰ ক্ষেত্ৰত জিলা প্ৰশাসন অথবা চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই কোনো ব্যৱস্থা গ্ৰহন কৰা নাই বুলি ভুক্তভোগী ৰাইজে জানিবলৈ দিয়ে ৷

স্থানীয় ৰাইজৰ জীৱনৰ নিৰাপত্তাৰ স্বাৰ্থত বীজাণুযুক্ত পানী ৰাষ্টাত পেলোৱাতো বন্ধ কৰাৰ লগতে জৰাজীৰ্ণ এই ৰাষ্টাতো অতিশীঘ্ৰে পকীকৰণ কৰাৰ বাবে চৰকাৰক দাবী জনাইছে স্থানীয় ৰাইজে ৷