NORTHEAST NOW (Assamese)
অসম

‘কা’ৰ বিৰুদ্ধে ৰাজ্যজুৰি আছুৰ জোঁৰ সমদল, আক্ৰোশী আৰক্ষীৰ বৰ্বৰোচিত লাঠীচালনা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 22, 2021 7:15 pm
AASU-TORCH-750x375

জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে পুনৰ জাগি উঠিছে সদৌ অসম ছাত্ৰ সন্থা।

‘কা’ৰ বিৰুদ্ধে আছুৱে ঘোষণা কৰা তিনি দিনীয়া আন্দোলনৰ কাৰ্যসূচীৰ আজিৰ প্ৰথম দিনটোতে ৰাজ্যজুৰি ‘কা’ৰ বিৰুদ্ধে প্ৰতিবাদ সাৱস্ত্য কৰে লাখ লাখ ছাত্ৰ-ছাত্ৰী আৰু সাধাৰণ লোকে।

তিনিদিনীয়া আন্দোলনৰ কাৰ্যসূচীৰ প্ৰথমটো দিনত  আজি আছুৰ কেন্দ্ৰীয় নেতৃত্বই শ্বহীদ ন্যাসৰ পৰা  উলিয়ায় এক দীঘলীয়া জোঁৰ সমদল।

আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ লগতে আন শীৰ্ষ নেতাই অংশগ্ৰহণ কৰা জোঁৰ সমদলটো শ্বহীদ ন্যাসৰ পৰা ওলোৱাৰ ক্ষন্তেক সময় পিছতে আৰক্ষীয়ে সমদলটোক বাধা প্ৰদান কৰে।

শান্তিপূৰ্ণ ভাবে কৰা জোঁৰ সমদলত আৰক্ষীয়ে বাধা প্ৰদান কৰাত তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ চৰকাৰে সম্পূৰ্ণ ফেচিষ্ট মনোভাবেৰে আছুৰ জোঁৰ সমদলত  বাধা প্ৰদান কৰি জনতাৰ গণতান্ত্ৰিক অধিকাৰ কাঢ়ি নিয়া বুলি ভট্টাচাৰ্যই মন্তব্য কৰে।

আছুৰ সভাপতি দিপাংক নাথে কয় যে যেতিয়ালৈকে চৰকাৰে ‘কা’ বাতিল নকৰে তেতিয়ালৈকে আছুৱে আন্দোলন চলাই যাব।

ইপিনে তেজপুৰত আছুৰ আহ্বানত উলিওৱা জোঁৰ সমদলতো আৰক্ষীয়ে বাধা প্ৰদান কৰাৰ লগতে সমদালকাৰীৰ ওপৰত আৰক্ষী আৰু অৰ্দ্ধ সামৰিক বাহিনীৰ জোৱানে বৰ্বৰোচিত ভাবে লাঠীচালনা কৰে।

ফলত আহত হয় কেইবাগৰাকীও ছাত্ৰ কৰ্মী। শিৱসাগৰতো  আজি আছুৱে জোঁৰ সমদল উলিয়ায়।