NORTHEAST NOW (Assamese)
অসম

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া January 22, 2021 7:59 pm

অসম চৰকাৰৰ কৃষি, পশু পালন আৰু উদ্যান শস্য বিভাগৰ উদ্যোগত অসম কৃষি বিশ্ববিদ্যালয়ৰ বিশেষ সহযোগত বোকাখাতত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় প্ৰদৰ্শনীৰ আজি দ্বিতীয় দিনা এলানি কৰ্মশালা, আলোচনা চক্ৰ আৰু ভাৰ্চুৱেল আলোচনা অনুষ্ঠিত কৰা হয়।

প্ৰদৰ্শনী থলীত নিৰ্মাণ কৰা আটক ধুনীয়া মণ্ডপত পৃথক পৃথকভাৱে এই কাৰ্যসুচী সমূহ অনুষ্ঠিত কৰা হয়।

দ্বিতীয় দিনা পুৱা উচ্চ প্ৰযুক্তিৰে উদ্যান শস্য আৰু কৃষিৰ যান্ত্ৰিক কৰণ, পুষ্টি আৰু খাদ্য সুৰক্ষাৰ বাবে কৃষি, ডিজিটেল পদ্ধতিৰে কৃষি আৰু বিশ্বৰ বিভিন্ন প্ৰান্তৰত হোৱা উদ্ভাৱনৰ লগতে বিবৰ্তিত কৃষি পদ্ধতিৰ ওপৰত ভাৰ্চুৱেল আলোচনা অনুষ্ঠিত হয়।

এই আলোচনাত উইলিয়াম এ হ’চাক, ড৹ হং ভান নাগ’য়েন, খ্ৰিচ ডেফ, লিচা উইলিয়ামচ, মেথিউ স্মিথ, চাইমন ষ্ট্ৰে, কিম ৰাচেল, ড৹ জন হেলিন, ডান আল্লাফ আদি দেশ বিদেশৰ কৃষি বিশেষজ্ঞ আৰু কৃষি বিষয়াই অংশ গ্ৰহণ কৰে।

সকলো আলোচনাতে এই ব্যক্তি সকলে বিদেশৰ পৰাই ভাৰ্চুৱেল পদ্ধতিৰে আলোচনাত অংশগ্ৰহণ কৰে।

এই ভাৰ্চুৱেল আলোচনাত ফেডাৰেচন অৱ ইণ্ডিয়ান চেম্বাৰচ অৱ কমাৰ্চ এণ্ড ইন্দ্ৰাষ্ট্ৰিৰ উত্তৰ পুৱ উপদেষ্টা কমিতিৰ সদস্য শ্যামকানু মহন্ত, উদ্যান শস্য আৰু খাদ্য সংসাধন বিভাগৰ সঞ্চালক আব্দুল জেলিল আৰু কৃষি বিভাগৰ আয়ুক্ত সচিব আকাশদ্বীপ উপস্থিত থাকে।

একেদৰে জৈৱিক উদ্যান শস্য, উদ্যান শস্যৰ নাৰ্চাৰী, কৃষক প্ৰশিক্ষণ সংগঠনৰ পৰিচালনাৰ বিষয়ত কৰ্মশালা অনুষ্ঠিত হয়।

অনুষ্ঠানত দেশ-বিদেশৰ সমল ব্যক্তিয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ পৰা অহা কৃষক সকলক পৰামৰ্শ আগবঢ়ায়।

আজি দ্বিতীয় দিনা প্ৰদৰ্শনী থলীত ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্ৰাংকন আৰু কুইজ প্ৰতিযোগিতাৰ লগতে কৃষকৰ মাজত উদ্যান শস্যৰো প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।