NORTHEAST NOW (Assamese)

কলাক্ষেত্ৰত প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈলৈ গভীৰ শ্ৰদ্ধাঞ্জলি আছু নেতৃত্বৰ

November 25, 2020 1:50 pm · কল্পজ্যোতি শইকীয়া
Updated: November 25, 2020 2:00 pm

প্ৰয়াত প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈলৈ আছুৰ উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্য্য, সভাপতি দীপাংক নাথ আৰু প্ৰাক্তন সাধাৰণ সম্পাদক লুৰিণ জ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱাই শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

“এগৰাকী অভিজ্ঞ ৰাজনীতিবিদ হেৰুৱালো। গণতান্ত্ৰিক চিন্তা চর্চাৰে তেওঁ সমস্যাসমূহ সমাধানৰ চেষ্টা কৰিছিল। তেওঁ অসমৰ উন্নয়নৰ বাবে ন ন চিন্তা হাতত লৈ কাৰ্যব্যৱস্থা হাতত লৈছিলো,” শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি সমুজ্জ্বল ভট্টাচাৰ্য্য কয়।

‘‘ক্ষমতালৈ আহিয়েই তেওঁ গুপ্তহত্যাৰ অৱসান ঘটাবলৈ সক্ষম হৈছিল। জ্বলন্ত বিদেশী সমস্যাৰ সমাধানৰ বাবে তেওঁ ইচ্ছা প্ৰকাশ কৰিছিল। সীমান্ত ছিল কৰা দাবীৰ প্ৰতি সঁহাৰি জনাই তেওঁ আছুৰ নেতৃত্বৰ সৈতে ভাৰত বাংলাদেশ সীমান্ত চাবলৈ গৈছিল আৰু পদক্ষেপ ল’বলৈ প্ৰয়াস কৰিছিল,’’ স্মৃতি সুঁৱৰি ভট্টাচাৰ্য্যই এইদৰে কয়।

আনহাতে, প্ৰধান মন্ত্ৰীৰ সৈতে সদৌ অসম ছাত্ৰ সন্থাৰ অসম চুক্তি ৰূপায়নক লৈ ত্রি পাক্ষিক আলোচনা অনুষ্ঠিত কৰাৰে পৰা আছুৰ আন্দোলনক তেওঁ গণতান্ত্ৰিকভাবে লৈ প্ৰধান মন্ত্ৰী স্তৰত আলোচনাত আগভাগ লৈ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নয়নৰ বাবেও পদক্ষেপ গ্ৰহণ কৰিছিল বুলি সদৌ অসম ছাত্ৰ সন্থাৰ জেষ্ঠ নেতা গৰাকীয়ে মতপ্ৰকাশ কৰে।

ইপিনে, আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে তৰুণ গগৈ জাতীয়তাবাদী নেতা হিচাপে সদায় মানুহৰ হৃদয়ত থাকিব বুলি উল্লেখ কৰে।

‘‘অসমৰ সামাজিক পৰিবেশ উন্নত কৰিবৰ বাবে, গুপ্ত হত্যা নিৰ্মূল কৰা ব্যক্তি জন আছিল তৰুণ গগৈ। উন্নয়নৰ ধাৰা তেওঁৰ দিনতে গতি কৰিছিল। বহু অসমৰ সমস্যা সমাধান কৰি ছাত্ৰ সন্থাৰ অসম চুক্তিৰ ৰূপায়ণৰ ক্ষেত্ৰতো লৈছিল পদক্ষেপ। অসমৰ ৰাইজে মনত ৰাখিব এই গৰাকী ব্যক্তিক,” লুৰিণ জ্যোতি গগৈয়ে পুনৰ কয়।

Related News