NORTHEAST NOW (Assamese)

মুখ্যমন্ত্ৰীৰে চলা “গোপন” আলোচনাই সমাধান আনিবনে অসমৰ জলন্ত জাতীয় সমস্যাৰ?

June 26, 2022 8:49 pm · কল্পজ্যোতি শইকীয়া, গুৱাহাটী

মুখ্যমন্ত্ৰীৰে গোপন বৈঠকত মিলিত আছু!

নিশা হঠাৎ কিয় মুখ্যমন্ত্ৰীৰে আলোচনাত বহিল আছুৰ নেতৃত্ব?

কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত সংবাদ মাধ্যমৰ প্ৰৱেশ নিষিদ্ধ কৰা হ’ল আলোচনাৰ সময়ছোৱাত !

তদুপৰি আলোচনাৰ অন্তত সংবাদ মাধ্যমত মন্তব্য দিয়াৰ পৰা বিৰত আছুৰ নেতৃত্ব!

মুখ্যমন্ত্ৰীৰে আছুৰ আলোচনা আনুষ্ঠানিক নে অনানুষ্ঠানিক?

উল্লেখযোগ্য যে কালি নিশাৰ ভাগত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে অসম চুক্তি ৰূপায়ণ দপ্তৰৰ মন্ত্ৰী অতুল বৰা, শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ সৈতে আলোচনাত মিলিত হৈছিল আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্য, আছুৰ সভাপতি দীপাংক কুমাৰ নাথ, সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাকে ধৰি পাঁচ নেতৃত্ব।

নিশাৰ আন্ধাৰত গোপনে গোপনে মুখ্যমন্ত্ৰীৰে কিয় বৈঠক চলিছিল বুলি সৰ্বত্তে চৰ্চা চলাৰ পাছতে ইয়াক লৈ মুখ খুলিছে আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যই।

তেওঁৰ মতে “আলোচনা গোপন নাছিল। ফলাফল নোপোৱা পৰ্যন্ত চলিব ৰাজপথৰ আন্দোলন । লগতে চৰকাৰৰে টেবুলত চলি যাব আলোচনা। সমস্যাৰ সমাধান লাগে সদৌ অসম ছাত্ৰ সন্থাক।

আনহাতে, আছুৱে হঠাৎ নিশাৰ আন্ধাৰত মুখ্যমন্ত্ৰীৰে বৈঠকত মিলিত হোৱাক লৈ আশ্চৰ্য্য প্ৰকাশ কৰিছে ৰাইজৰ দলৰ উপ সভাপতি ৰাছেল হুছেইনে।

হুছেইনে কয় “অসমৰ অন্যান্য জলন্ত সমস্যাক লৈ নিমাত কিয় আছু?মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি কেলেংকাৰী, পিপিইকীট কেলেংকাৰী ইত্যাদি প্ৰসংগ উত্থাপন হোৱাৰ সময়ত আছুৰ নেতৃত্ব নিমাত আছিল কিয়? তেনেক্ষেত্ৰত কালি নিশা গোপনে মুখ্যমন্ত্ৰীৰে আলোচনা কৰা বুলি খবৰ পোৱাত আমি আশ্চৰ্য্য প্ৰকাশ কৰিছো”।

ইপিনে, অসমীয়া জাতিৰ সৰ্বনাশৰ মূল কাৰণেই আছুৱে পূৰ্বৰে পৰা কৰা গোপন বৈঠক বুলি দাবী কৰে জাতীয়তাবাদ পুনৰ নিৰ্মাণ সমিতিৰ সাধাৰণ সম্পাদক ৰাজকুমাৰ বৈশ্যই। এই গোপন আলোচনাই কেতিয়াও সমস্যাৰ সমাধান কৰিব নোৱাৰে বুলি বৈশ্যই দাবী কৰাৰ লগতে এনেবোৰ আলোচনাই অসমীয়া জাতিলৈ অশনি সংকেত কঢ়িয়াই আনিব বুলিহে উল্লেখ কৰে।

প্ৰশ্ন হৈছে…. সমাধানৰ আশাৰে ১৯৭৯ চনৰ পৰা প্ৰায় ৪৩ বছৰ অপেক্ষা কৰিলে অসমৰ জনতাই। কিন্তু সমাধানৰ নামত কেৱল ৰাজপথৰ আন্দোলন, চৰকাৰৰ সৈতে মেজত বহি আলোচনাই লাভ কৰি আহিছে। সকলোৰে এটাই প্ৰশ্ন…. সমাধান কেতিয়া?

Related News