NORTHEAST NOW (Assamese)
অসম

মূল্যবৃদ্ধি ৰোধৰ দাবীত শিৱসাগৰ আছুৰ সত্যাগ্ৰহ

Posted by: পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ Updated by: পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ October 22, 2021 3:48 pm

মূল্যবৃদ্ধি ৰোধৰ দাবীত শিৱসাগৰত‌ আছুৰ উত্তাল প্ৰতিবাদ ।

পেট্ৰ’ল, ডিজেল, ৰন্ধন গেছ‌ আৰু অত্যাৱশ্যকীয় ‌সামগ্ৰীৰ মূল্যবৃ্দ্ধিৰ বিৰুদ্ধে ‌আছুৱে ৰূপায়ণ ‌কৰিছে‌ সত্যাগ্ৰহ কাৰ্যসূচী।

জিলা পুথিভঁৰালৰ সন্মুখত শিৱসাগৰ আছুৱে ৰূপায়ণ কৰিছে এই প্ৰতিবাদ।

বিভিন্ন চৰকাৰ বিৰোধী শ্লোগানেৰে ‌ উত্তাল হৈ পৰে প্ৰতিবাদস্থলী।

সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমীৰণ ফুকনৰ নেতৃত্বত ৰূপায়ণ কৰিছে এই প্ৰতিবাদী কাৰ্য্যসূচী ।

ৰাজ্যৰ জিলাই জিলাই আজি আছুৱে মূল্যবৃদ্ধিৰ প্ৰতিবাদত সত্যাগ্ৰহ কাৰ্যসূচী পালন কৰিছে।

উল্লেখ্য ইন্ধনকে ধৰি ঔষধ, নিত্য ব্যৱহাৰ্য সামগ্ৰী আদি সকলো বস্তুৰে আকাশলংঘী দামে সৰ্বসাধাৰণৰ মূৰত ৰাম টাঙোন মাৰিছে।

ইমানৰ পিছতো সম্পূৰ্ণ নিৰুদ্বেগ হৈ আছে চৰকাৰ খন।