NORTHEAST NOW (Assamese)
অসম

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প ,বৃহৎ নদী বান্ধ বন্ধৰ দাবীত গোলাঘাটত আছুৰ প্ৰতিবাদ

Posted by: মীনাক্ষী ফুকন,গোলাঘাট Updated by: মীনাক্ষী ফুকন,গোলাঘাট October 25, 2021 2:48 pm
নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প ,বৃহৎ নদী বান্ধ বন্ধৰ দাবীত গোলাঘাটত আছুৰ প্ৰতিবাদ

সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে সদৌ গোলাঘাট জিলা ছাত্ৰ সন্থাই আজি এক প্ৰতিবাদী কাৰ্যসূচী পালন কৰে ।ত

প্ৰধানকৈ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পকে ধৰি বৃহৎ নদী বান্ধ বন্ধৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ছাত্র সংগঠনটোৱে ।

গোলাঘাট জিলা ছাত্র সন্থাৰ শ্বহীদ ভৱনৰ সন্মুখত অৱস্থান বিক্ষোভ কাৰ্যসূচীৰে প্ৰতিবাদ কৰি বিজেপি বিৰোধী শ্লোগানেৰে আকাশ বতাহ উত্তাল কৰি তোলে।

যিক্ষেত্ৰত বিজেপি নেতৃত্বাধীন চৰকাৰে লক ডাউনৰ সুযোগ লৈ বৃহৎ নদীবান্ধ নিৰ্মাণৰ কাম প্ৰায় সম্পূৰ্ণ কৰাৰ অভিযোগ আনে ছাত্র সংগঠনটোৱে।

অথচ চৰকাৰত নথকা দিনত গোগামুখত নদীবান্ধৰ বিৰুদ্ধে কৰা বিজেপিয়েই এতিয়া নদীবান্ধ নিৰ্মাণৰ বাবে লোৱা তৎপৰতাত তীব্ৰ সমালোচনা ছাত্ৰ সন্থাৰ।