NORTHEAST NOW (Assamese)
অসম

ৰাজ্যত আছুৰ নেতৃত্বত পুনৰ আৰম্ভ হৈছে নদীবান্ধ বিৰোধী আন্দোলন; শিৱসাগৰতো বৃহৎ প্ৰতিবাদ

Posted by: পার্শ্বজোতি গগৈ, শিৱসাগৰ Updated by: পার্শ্বজোতি গগৈ, শিৱসাগৰ October 25, 2021 2:48 pm
AASU protest

ৰাজ্যত পুনৰ আৰম্ভ হ’ল নদী বান্ধ বিৰোধী আন্দোলন। এইবাৰ আছুৰ নেতৃত্বত পুনৰ আৰম্ভ হৈছে এই আন্দোলন।

ৰাজ্যৰ বিভিন্ন স্থানত আছুৰ নেতৃত্বত আজি নদীবান্ধৰ বিৰুদ্ধে প্ৰতিবাদ সাৱ্যস্ত কৰিছে সংগঠনটোৰ নেতা-কৰ্মীসকলে।

সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত আজি সমগ্ৰ ৰাজ্যৰ লগতে শিৱসাগৰতো নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পকে ধৰি বৃহৎ নদীবান্ধ বন্ধৰ দাবীত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে।

আছুৰ শিৱসাগৰৰ মুখ্য কাৰ্যালয়ৰ পৰা প্ৰতিবাদী আছু কৰ্মীসকলে সমদল কৰি শিৱসাগৰৰ দ’লমুখ চাৰিআলিত বিক্ষোভ প্ৰদৰ্শন কৰি বিজেপি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

উল্লেখ্য যে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ বিৰুদ্ধে অসমৰ বিভিন্ন জাতীয় সংগঠনে তীব্ৰ আন্দোলন গঢ়ি তুলিছিল যদিও সেয়া সময়ত স্তিমিত হৈ পৰিছিল।

কিন্তু দীৰ্ঘ বিৰতিৰ অন্তত আছুৱে পুনৰ অসমত আৰম্ভ কৰিছে নদীবান্ধ বিৰোধী আন্দোলন।