NORTHEAST NOW (Assamese)
অসম

দিহিং পাটকাই অভয়াৰণ্যৰ সুৰক্ষাৰ দাবীত ছাত্ৰ সন্থাৰ মানৱ শৃংখল

Posted by: নিৰ্মলেন্দু পাঠক Updated by: নিৰ্মলেন্দু পাঠক May 26, 2020 9:14 pm

কেন্দ্ৰীয় চৰকাৰে উজনি অসমৰ দিহিং পাটকাই বৰ্ষাৰণ্যত কয়লাৰ মুক্ত খনন কাৰ্যত অনুমতি প্ৰদান কৰাক লৈ জাতীয়তাবাদী দল সংগঠন তথা প্ৰকৃতিপ্ৰেমীৰ মাজত প্ৰতিক্ৰিয়া অব্যাহত আছে।

ইয়াৰেই প্ৰতিবাদ জনাই আজি যোৰহাট জিলাৰ তিতাবৰ মহকুমা ছাত্ৰ সন্থাৰ উদ্যোগত তথা মৰিয়নী আৰু নকছাৰি আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত মৰিয়নীৰ হোলোঙাপাৰ গিবন সংৰক্ষিত অভয়াৰণ্যত এক মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ন কৰে।

এই কাৰ্যসূচীত যোৰহাট জিলা আৰু তিতাবৰ মহকুমা ছাত্ৰ সন্থাৰ কেইবাগৰাকী শীৰ্ষস্থানীয় নেতাই অংশগ্ৰহণ কৰে।

প্ৰতিবাদ স্থলৰ পৰা ছাত্ৰ সন্থাৰ স্থানীয় নেতাসকলে কোনো কাৰণতে অসম তথা পূবৰ একমাত্ৰ বৰ্ষাৰণ্যখন ধ্বংস কৰি কয়লা খনন কৰিবলৈ দিয়া নহ’ব বুলি চৰকাৰক স্পষ্ট কৰি দিয়ে।

উল্লেখ্য যে যি সময়ত সমগ্ৰ বিশ্বৰ লগতে অসমতো ক’ৰ’না ভাইৰাছে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে তেনে সময়তে অসমৰ কেইবাখনো তৈলক্ষেত্ৰ বহিঃৰাজ্যৰ কোম্পানিক গতাই দিয়া আৰু বৰ্ষাৰণ্যখনত কয়লা খননৰ অনুমতি দিয়া আদি কাৰ্যক জনবিৰোধী আখ্যা দিয়ে প্ৰতিবাদকাৰীসকলে।